Breaking News

ফুটবল তাৰকা ডিয়েগো মাৰাডোনাৰ চুৰি হোৱা ঘড়ী অৱশেষত উদ্ধাৰ অসমত


পাৰচিচ আহমেদ,শিৱসাগৰঃ শিৱসাগৰত উদ্ধাৰ হৈছে ডিয়েগো মাৰাডোনাৰ চুৰি হোৱা এক হাতঘড়ী। আৰ্জেণ্টিনাৰ ফুটবল দলৰ এটা সময়ত তাৰকা তথা সমগ্ৰ বিশ্বৰে অন্যতম ফুটবল তাৰকা ডিয়েগো মাৰাডোনাৰ চুৰি হোৱা ঘড়ী অৱশেষত উদ্ধাৰ অসমত। ফুটবল তাৰকা মাৰাডোনাৰ এটা বিলাসী ঘড়ীৰ চুৰিৰ সন্দৰ্ভত অসমত গ্ৰেপ্তাৰ কৰা হৈছে এজন লোকক। গ্ৰেপ্তাৰ কৰা হৈছে ৱাজিদ হুছেইন নামৰ এজন লোকক। 


শিৱসাগৰ আৰক্ষীয়ে নগৰৰ সমীপৰ দৰিকাঘাটৰ পৰা ৱাজিদ হুছেইন নামৰ এজন লোকক আটক কৰি উদ্ধাৰ কৰিছে হাতঘড়ীটো। ডুবাই আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে লোকজনক। বিলাসী হাবলট ঘড়ীটোৰ মূল্য ১২ লাখ টকা। ৱাজিদ হুছেইন নামৰ লোকজনে ২০১৬ চনৰ পৰা ডুবাইত আল্লাৱাৰ এণ্টাৰপ্ৰাইজ নামৰ এক কোম্পানীত দ্বাৰ ৰখীয়াৰ কামত নিয়োগ হৈ আছিল।

No comments