Breaking News

যাত্রাৰ শেষত (১৪)



✍ পৰিমিতা গোস্বামী 

     শ্ৰাদ্ধ ভাগ হৈ যোৱাৰ পাছত ঘৰখনত সকলো তৎপৰতাৰ অন্ত পৰিল । ব্যস্ততা, খৰ-খেদা সকলো দূৰলৈ ঠেলি শূন্যতাই আবৰি ধৰিলে । শূন্যতাই এনেদৰে গ্ৰাস কৰিলে যে ঘৰখন একেবাৰে নিষ্প্ৰভ হৈ পৰিল । তেনে অস্বাভাৱিক পৰিবেশত মৌনতা তাৰ প্ৰধান অলংকাৰ হৈ পৰিল । অংশুৰ মৌনতাই আইতাকৰ মনত আটাইতকৈ বেছি আঘাত কৰিলে । তাক কেনেকৈ আগৰ অবস্থালৈ ঘূৰাই আনিব পাৰি তাৰ বাবে চিন্তিত হৈ পৰিল । তাৰ মনটোক সাহস দিবৰ বাবেই আইতাকে অন্তৰত উমি উমি জ্বলি থকা বিষাদৰ জুইকুৰা লুকুৱাই ৰাখি গাৰ লগৰ ছাঁৰ দৰে লাগি থাকিল । লাহে লাহে  আইতাক , বন্ধু বান্ধব আৰু ওচৰ চুবুৰিয়াৰ নিবিড় সান্নিধ্যত অংশুৰ মৌনতা দূৰ হ’ল । 

     অংশু হতঁৰ ঘৰখনত সদস্যৰ সংখ্যা দুজন হ’লগৈ । কথাটো ভাবি অংশুৰ মনটো  মাজে মাজে গধুৰ হৈ পৰে ।  এনেইও মানুহৰ সংখ্যা বহুত নাছিল , তিনিজনেই আছিল । যদিও তাৰ মাকে ঘৰখন পৰিপূৰ্ণ কৰি ৰাখিছিল । বৃদ্ধা আইতাকক পুত্রৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল। পিতৃহাৰা ল’ৰাটোক পিতৃৰ্ আভাব অনুভৱ কৰিবলৈ দিয়া নাছিল । গোটেই ঘৰখন সকলো সময়তে পূৰ্ণ কৰি ৰাখিছিল। তেনেজনী মানুহ নাইকিয়া হ’লত ঘৰখন একেবাৰেই নিষ্প্ৰভ হৈ গ’ল ।

     কাম সকাম সকলো হৈ যোৱাৰ পাছত পেহীয়েক নিকিতাও গ’লগৈ। মাক আৰু ভতিজাকক এৰি থৈ যাবলৈ মন নগ’লেও নিকিতা চাকৰি আৰু সংসাৰৰ তাগিদাত যাবলৈ বাধ্য হ’ল । যোৱাৰ আগতে পেহীয়েকে তাক জীৱন সম্পৰ্কে , সুখ-দুখেৰে ভৰা জটিল পৃথিৱীখনৰ সম্পৰ্কে অনেক বুজনি দিলে । ঘাত-প্ৰতিঘাত , সফলতা-বিফলতা, উথ্থান-পতনৰ মাজেদিয়েই জীৱন পৰিক্ৰমা আগবাঢ়ে । আকল তাৰেই নহয় সকলোৰে জীৱনত এনে অঘটন ঘটে । বৰষুণৰ পাছত ৰ’দৰ দৰে দুখৰ পাছতো সুখ আনিবাৰ্য । গভীৰ অধ্যৱসায় আৰু পৰিশ্ৰমৰ বলত আজুৰি আনিব লাগিব সুখ। আইতাক আৰু তাৰ সংসাৰ খনত সুখনো আৰু কি ! ভালদৰে দুবেলা দুসাজ খাই থকা আৰু ভালদৰে পঢ়া-শুনা কৰি ডিগ্ৰি শেষৰ বছৰতো সম্পূৰ্ণ কৰা । এই দুটা কাৰণতে সি তাৰ মনতো স্থিৰ কৰি লৈ পঢ়াত মনপুতি লাগিল আৰু ঘৰ চলাবৰ বাবে দুটামান টিউচন গোটাই ল’লে। টিউচন বিচাৰোতে তাক বৰ বেছি সময় নালাগিল । কাৰণ মেট্ৰিক হায়াৰচেকেণ্ডৰি সকলোতে তাৰ আশী শতাংশৰ ওপৰত নম্বৰ পাই পাছ কৰিছিল । আঞ্চলটোৰ প্ৰায় মানুহৰ মাজতে সি এটা চোকা আৰু আমায়িক ল’ৰা হিচাবে সকলোৰে মাজত পৰিচিত । অংক বিষয়ত অতি মেধা বুলি সকলোৱে জানে । অংকক বিশেষ বিষয় হিচাবে লৈ বি এছ ছি তৃতীয় বৰ্ষত ভৰি দিছিল । আংকত বহু ওপৰলৈকে যোৱাৰ হাবিয়াস পুহি ৰাখিছিল সি , এতিয়া হয়তো সেয়া সম্ভৱ নহ’ব। কাৰণ এতিয়া তাক আগবঢ়াই নিবলৈ মাক দেউতাক কোনো নাই । সি ডিগ্ৰি সম্পূৰ্ণ কৰাৰ পাছত আৰু আগবাঢ়িব নোৱাৰিব যে সেই কথা একপ্ৰকাৰ নিশ্চিত  । টকা পইচাৰ অসুবিধা আৰু আইতাকক অকলশৰীয়া কৰি উচ্চ শিক্ষাৰ বাবে হাত মেলিব নোৱাৰিব আৰু । এনে পৰিস্থিতিত ডিগ্ৰিটো সম্পূৰ্ণ কৰিব পাৰিলেই পঢ়া শেষ কৰিব লাগিব বুলি ভাবি ল’লে সি।

     অংশুৰ দৈনন্দিন ৰুটিন খন এতিয়া সলনি হ’ল । আগৰদৰে দেৰিকৈ শুই উঠি লৰা-লৰিকৈ গাতো ধুই মাকে বাঢ়ি দিয়া ভাত কেইটা নাকে-কাণে গুজি ক্লাছলৈ ল’ৰ মৰা সেই দিন আৰু নাই । এতিয়া সি পুৱা পাঁচ বজাত শুই উঠি আইতাকক ইটো-সিটো কৰি দি টিউচনলৈ ওলায় যায় আকৌ ঘৰলৈ আহি গা ধুই কিব এটা খাই ক্লাছলৈ ওলায় যায় । ক্লাছ শেষ কৰি কলেজৰ পৰা আহি ভাত কেইটা খাই পুনৰ টিউচনলৈ ওলায় যায় । সন্ধ্যা আঠ বজাতহে ঘৰ সোমায়হি । তাৰ পাছত হাত-মুখ ধুই ফ্ৰেচহৈ নিজৰ পঢ়াত লাগে । ৰাতি বাৰ এটা লৈকে পঢ়া-শুনা কৰি বিচনাত পৰে । বৰ্তমান এইদৰেই আগবাঢ়িছে অংশুৰ জীৱন পৰিক্ৰমা ।

     ( আগলৈ )

No comments