Breaking News

গোলাঘাট জিলাত ২৫ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ সুৰাপান কৰি বাহন চলোৱা লোকৰ বিৰুদ্ধে চলিব ব্যাপক অভিযান


ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট জিলাত অহা ২৫ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ সুৰাপান কৰি বাহন চলোৱা লোকৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱা হ'ব । আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এই ন টা দিনত আৰক্ষী, আবকাৰী বিভাগ আৰু জিলা পৰিবহন বিভাগক কঠোৰভাৱে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ দিয়ে। তেওঁ বিশেষভাৱে ৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰীৰ দিন দুটাত যাতে দুৰ্ঘটনাত পতিত হৈ কোনো লোকে প্ৰাণ হেৰুৱাবলগীয়া নহয়, সেইয়া সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।বৈঠকত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে চাইকেলসমূহৰ পিছফালে প্ৰতিফলক (Reflector Strip) লগোৱাৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লোৱা হয় । লগতে পথ সুৰক্ষা বাহিনী আৰু যানবাহন আৰক্ষীৰ লোকসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ প্ৰদান আৰু অসমীয়া আৰু হিন্দীত প্ৰাথমিক চিকিৎসা সম্পৰ্কীয় পুস্তিকা প্ৰকাশৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয় । 

আজিৰ বৈঠকতে এই সম্পৰ্কীয় এখন সমিতিও গঠন কৰা হয় । জিলা উপায়ুক্তগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাৰ হাৰ হ্ৰাস কৰাৰ বাবে এনে পথত ই-ৰিক্সা চলোৱাটো বন্ধ কৰাৰ নিৰ্দেশ দিয়ে । আনহাতে, গোলাঘাট নগৰত চলাচল কৰা ই-ৰিক্সাসমূহত দিশসূচক (ইণ্ডিকেটৰ) ব্যৱহাৰ কৰিবলৈও উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে । সভাত জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি গোলাঘাট জিলাত চলিত বৰ্ষত পথ দুৰ্ঘটনাৰ হাৰ ৯.৫৫শতাংশ হ্ৰাস পাইছে । চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা নৱেম্বৰ মাহলৈকে জিলাখনত ১৯৯টা দুৰ্ঘটনাত ১০৫ জন লোকে প্ৰাণ হেৰুৱায় । 

বিগত বৰ্ষত জিলাখনত ২১১টা দুৰ্ঘটনাত ৮৯ জন লোকে প্ৰাণ হেৰুৱাইছিল । ২০১৯ চনত ২৮৪টা দুৰ্ঘটনাত ১১৯জন আৰু ২০১৮ চনত ২৭৩টা দুৰ্ঘটনাত ১২৮জন লোকৰ প্ৰাণহানি হৈছিল । আনহাতে যোৱা ৫আগষ্টলৈকে অত্যধিক বোজা কঢ়িওৱা বাহনৰ পৰা ৯৩ লাখৰো অধিক টকা জৰিমনা আদায় কৰা হৈছে । সভাত অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, গোলাঘাট সদৰৰ মহকুমাধিপতি ডঃ সংগীতা বৰঠাকুৰ, বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা আৰু আৰক্ষী, যানবাহন আৰক্ষী, আবকাৰী, ৰাষ্ট্ৰীয় ঘাইপথ আদি কেইবাটাও বিভাগৰ বিষয়ববীয়া আৰু প্ৰতিনিধি উপস্থিত আছিল ।  


No comments