Breaking News

অৱশেষত উদ্ধাৰ অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ


ডিজিটেল ডেস্কঃ দেওবাৰৰ পৰা ধনশিৰি নদীত নিখোঁজ হৈ থকা নুমলীগড় শোধনাগাৰৰ অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ আজি পুৱা প্ৰায় ২.৫ কিলোমিটাৰ নিলগত উদ্ধাৰ কৰা হয়। দচমুৱা হাঁহচৰা অঞ্চলত ধনশিৰিৰ বুকুত উদ্ধাৰ হয় ৰক্তিমৰ মৃতদেহ। প্ৰথম অৱস্থাত স্থানীয় লোকে এটা মৃতদেহ ওপঙি থকাৰ প্ৰত্যক্ষ কৰে ।  উক্ত স্থানত পৰিয়ালৰ লোক উপস্থিত হৈ মৃতদেহটো ৰক্তিম বৰুৱাৰ বুলি চিনাক্ত কৰে। বৰ্তমান মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, গোলাঘাটৰ থুৰামুখৰ ধনশিৰি নৈৰ পাৰত পৰিয়ালৰ সৈতে বনভোজ খাবলৈ গৈ দেওবাৰৰ বিয়লি ভাগৰ পৰা নিখোঁজ হৈ আছিল অভিযন্তা ৰক্তিম বৰুৱা। বনভোজথলীত ৰক্তিম বৰুৱাই তেওঁৰ দুই পুত্ৰ কন্যাৰ সৈতে বল খেলি থকাৰ মাজতে হঠাৎ বলটো নৈত পৰি যায়। বৰুৱাৰ কনমানি পুত্ৰ আৰু কন্যাই বলটো আনিবলৈ নদীৰ পিনে আগবাঢ়ি যোৱা দেখি বৰুৱাই নিজে দৌৰি গৈ পানীত নামি বলটো আনিবলৈ চেষ্টা কৰোঁতেই নদীৰ সোঁতে ৰক্তিমক উটুৱাই লৈ যায় আৰু তেতিয়াৰ পৰাই নদীৰ বুকুত সন্ধানহীন হৈ পৰিছিল অভিযন্তা ৰক্তিম বৰুৱা।

No comments