Breaking News

সেমেকা স্মৃতিৰ সুবাস (১৫ খণ্ড )

 


                         মালবিকা শৰ্মা, ভুবনেশ্বৰ

 চাওতে চাওতে বহুত মাহ পাৰ হৈ গ’ল। অফিচত নতুন অফিচাৰজন অহাৰ পিছৰ পৰাই অফিচৰ কৰ্মীবোৰৰ কাম বহুত বাঢ়ি গৈছে। সৰু সৰু কথাতে অফিচাৰজনে ভুল দেখা পায়। সেয়ে মলয়ো আজিকালি বহুত ব্যস্ত হৈ থাকিবলগীয়া হয় আনকি অফিচৰ কামবোৰ ঘৰত আনিও শেষ কৰে কেতিয়াবা। আগৰ দৰে সন্ধিয়া সময়ত অফিচৰপৰা ঘৰত আহি আৰাম কৰাটো কমি গৈছে।অৱশ্যে ববিতা আৰু ৰাধাৰ ফোন সন্ধিয়া সময়ত সদায় আহেই। ববিতাৰ সেই একেখিনি কথা আজিকালি, অকলশৰে থকাতকৈ পেহী শাহুৱেকৰ জীয়েকজনীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ মলয়ে সংসাৰী হ’ব লাগে।

     অসমীয়া নববৰ্ষ তথা বহাগ বিহুৰ আগমন,সকলোতে বিহুৰ উলহ-মালহ। অফিচৰ কামবোৰৰ পৰা অলপ আতৰি থাকিবলৈ মন কৰি মলয় নিজৰ পৈতৃক ঘৰলৈ তিনিদিনৰ বাবে ফুৰিবলৈ আহিছে। আগতে মাক দেউতাক ঢুকোৱাৰ পিছত মলয় খুব কমকৈহে নিজৰ ঘৰখনলৈ আহিছিল যদিও আজিকালি বন্ধ হ’লে প্ৰায়েই গুচি আহে। খুৰাক খুৰীয়েকেও পিছে বৰ আগ্ৰহ কৰে। এইবাৰ অহাৰ পৰাই খুৰাকে মলয়ক কৈ আছে চাকৰি বাদ দি আহি তেওঁৰ লগতে ঘৰৰ ব্যৱসায়ত মনোনিবেশ কৰিবলৈ। খুৰাকৰ পুতেকে বিয়াৰ পিছত ঘৈণিয়েকৰ সৈতে শহুৰেকৰ ঘৰতে নিগাজিকৈ থাকিব লৈছে। সেয়ে মলয় গুচি আহিলে ব্যৱসায়ৰ কাম-কাজত খুৰাকৰ সুবিধা হ’ব।  লগতে খুৰীয়েকৰ কথা, মলয়ৰ বয়স হৈছে যিহেতু সোনকালে সংসাৰী হ’বলৈ। তাৰমানে  ইতিমধ্যেই ববিতাৰ মাকে ফোন কৰি বিবাহৰ প্ৰস্তাৱটোৰ বিষয়ে খুৰীয়েকক অবগত কৰাই থৈছে। বিহুৰ বাবে ববিতাই জীয়েকক লৈ মাকৰ ঘৰলৈ ফুৰি অহা বুলি মলয়ক জনাইছে।

      বহাগ বিহুৰ বতৰ, চাৰিওপিনে ঢোল-পেপা-গগনাৰ মাত, প্ৰত্যেকৰে ঘৰত লাৰু-পিঠাৰ গোন্ধে চৌদিশ বিয়পাই আছে। বিহুতলীৰপৰা বিহুৰ গান, নাচৰ শব্দ ভাহি আহিছে। খুৰীয়েকে মলয়ক জনালে ববিতা আৰু ৰাধাক আবেলি বিহুৰ পিঠা খাবলৈ মতা বুলি। মলয়ে এপাক ওলাই গৈ ৰাধা আৰু ববিতাৰ সৈতে দেখা কৰি আহিব বুলি মনেৰে ভাৱি আছিল, ভালেই হ’ল এতিয়া।  তাৰমানে ববিতা আৰু ৰাধাৰ লগতে জীয়েক দুজনীয়ো আহিব বুলি মলয়ে চিন্তা এটা কৰি বজাৰলৈ গৈ দুই তিনিবিধ মিঠাই আৰু চকলেট কিনি আনিলে। আবেলি সময়ত ৰাধা আৰু ববিতাই জীয়েক দুজনীক লৈ উপস্থিত হ’ল, লগতে এজনী অচিনাকী ছোৱালী। সিহতে আহিয়ে চিঞৰ-বাখৰ কৰি কথা ক’বলৈ আৰম্ভ কৰিলে, লগতে খুৰীয়েকেও আহি কথাত ভাগ ল’লে। ববিতাই মলয় আৰু খুৰীয়েকৰ সৈতে লগত অহা ছোৱালীজনীক চিনাকী কৰাই দিলে পেহী শাহুয়েকৰ ছোৱালী মামনি বুলি। এতিয়াহে কথাটো বুজিব পাৰি মলয় কিছু অপ্ৰস্তুত হ’ল। 

      মলয়ে অপ্ৰস্তুত ভাৱটো আতৰাবলৈ বাৰ্বী আৰু মীৰাৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰিলে। কথাৰ মাজতে চাও নাচাওকে এবাৰ ছোৱালীজনীৰ পিনে চালে। বিয়াৰ বয়স প্ৰায় পাৰ হ’ব ধৰা যদিও মৰমলগা মুখৰ শান্ত চাৱনিৰ ছোৱালীজনী মলয়ৰ বেয়া নালাগিল। ৰাধা হতৰ সৈতে তায়ো এটা দুটা কথাত ভাগ লৈ আছে, তাইৰ মাতটোও মিঠা। গাৰ ৰঙটো অৱশ্যে ডাঠ ৰঙৰ, সেইটো কাৰনেই ইমানদিনে বিয়া নোহোৱাকৈ থকা কথাটো ববিতাই তাক আগতেই জনাইছে। কথাৰ মাজতে খুৰীয়েকক চাহ বনাবলৈ সহায় কৰিবলৈ ৰাধা আৰু ববিতা উঠি পাগঘৰলৈ গ’ল। ভদ্ৰতাৰ খাতিৰত মলয়ে মামনিৰ লগত দুই এটা কথা ক’বলৈ আৰম্ভ কৰিলে, তায়ো সহজভাৱে উত্তৰ দি গ’ল। মামনিৰ সহজভাৱে কথা কোৱাৰ ধৰনটো মলয়ৰ ভাল লাগি আহিল। 

(আগলৈ)

লেখিকাক ফলো কৰিবলৈ তলৰ লিংকটো ব্যৱহাৰ কৰক-https://www.facebook.com/malabika123

No comments