Breaking News

অসম কলেজ শিক্ষক সংস্থাৰ গোলাঘাট মাণ্ডলিক সমিতিৰ দায়িত্ব ভাৰ গ্ৰহণ


ডিজিটেল সংবাদ,গোলাঘাটঃ অসম কলেজ শিক্ষক সংস্থাৰ গোলাঘাট মাণ্ডলিক সমিতিৰ দায়িত্ব ভাৰ গ্ৰহণ। যোৱা ইংৰাজী ৬ ডিচেম্বৰ,২০২১ত গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত দায়িত্ব হস্তান্তৰ এখন সভা অনুষ্ঠিত হয়।উক্ত সভাত ১৭ নৱেম্বৰত হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয় অসম কলেজ শিক্ষক সংস্থাৰ গোলাঘাট মণ্ডলৰ পঞ্চদশ বাৰ্ষিক অধিবেশনত ড° অৰুণ কুমাৰ বৰাক সভাপতি, জ্যোতি প্ৰসাদ দত্তক উপ-সভাপতি, ড° দেৱজিৎ দত্ত সাধাৰণ সম্পাদক, সতব্ৰত দত্তক কোষাধ্যক্ষ, ড° গিতিমা হাজৰিকা আৰু আবুল কালামক সহ সাধাৰণ সম্পাদক, ড° সুনিল সন্দিকৈক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, ড° উম্মে জালামক কেন্দ্ৰীয় মহিলা কোষৰ সম্বনয়ক আৰু ড° ৰুমি বৰাক মণ্ডলৰ মহিলা কোষৰ উপ-সভাপতি হিচাপে নিৰ্বাচন কৰে। 

যোৱা ৬ ডিচেম্বৰ ২০২১ ত এই নিৰ্বাচিত সদস্যসকলে পুৰণা কমিটিৰ পৰা দায়িত্ব ভাৰ গ্ৰহণ কৰে । দায়িত্ব ভাৰ গ্ৰহণ কৰি নৱনিৰ্বাচিত সভাপতি ড° অৰুণ কুমাৰ বৰাই অসম কলেজ শিক্ষক সংস্থাৰ গোলাঘাট মণ্ডলৰ সমূহ সদস্যক ধন্যবাদ জ্ঞাপন কৰে আৰু সমাজৰ সকলো ক্ষেত্ৰত শিক্ষক সকলৰ দায়বদ্ধতীৰ কথা উল্লেখ কৰে। সম্পাদক ড° দেৱজিৎ দত্তই আগন্তুক বৰ্ষৰ কাৰ্যাৱলীৰ বাবে সকলোৰে সহযোগীতা কামনা কৰে আৰু গোলাঘাট মণ্ডলৰ সকলো কলেজক ধন্যবাদ জ্ঞাপন কৰে।

No comments