Breaking News

বোকাজানৰ ডিলাইত ৮ কেজি সোণৰ বিস্কুট জব্দ


ৰণজিৎ বৰা,বোকাজানঃ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই সফল হোৱা কাৰ্বি আংলং আৰক্ষীৰ জালত পৰিল এইবাৰ চোৰাং সোণৰ সৰৱৰাহকাৰী। আজি বোকাজান মহকুমাৰ ডিলাই থানাৰ অন্তৰ্গত ডিলাই তিনিআলিৰ আৰক্ষীৰ নিয়মীয়া তালাচীত উদ্ধাৰ হয় ৮ কেজিৰো অধিক ওজনৰ সোণৰ বিস্কুট ৷ আৰক্ষীৰ সুত্ৰ অনুসৰি মণিপুৰৰ পৰা গুৱাহাটীলৈ আহি থকা এ.এছ.০১ই.ভি. ২৩৫০নম্বৰৰ এখন  হোণ্ডাই ভ্যেনু গাড়ীত আৰক্ষীয়ে তালাছী চলাই ৪৯খন সোণৰ বিস্কুট জব্দ কৰে, যাৰ ওজন আঠকেজি এশ দহ গ্ৰাম ৷ এই সোণখিনিৰ বজাৰ মূল্য ৪ কোটিৰো অধিক বুলি আৰক্ষীৰ সুত্ৰে প্ৰকাশ ৷ 


আৰক্ষীয়ে উক্ত সোণৰ বিস্কুটখিনিৰ সৈতে আটক কৰে মণিপুৰৰ থাউবল সেৰো বজাৰৰ প্ৰকাশ বছনেট আৰু সেনাপতি জিলাৰ খাবুং কাৰংৰ সুভাষ বিষ্টাক ৷ আৰক্ষীয়ে আটকাধীন সৰৱৰাহকাৰী কেইটাক জেৰা অব্যাহত ৰখাৰ লগতে চোৰাং সোণ ব্যৱসায়ী চক্ৰটোৰ অনুসন্ধানত তদন্ত ক্ষীপ্ৰ কৰি তুলিছে ৷

No comments