Breaking News

গোলাঘাটৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যলয়ত উত্তপ্ত পৰিস্থিতি


ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাটৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যলয়ত শনিবাৰে নিশা উত্তপ্ত পৰিস্থিতি। কাৰ্যালয়টোৰ চকীদাৰৰ দায়িত্বত থকা ভাইকন গোহাঁই নামৰ এজন বনকৰ্মীক প্ৰহাৰ কৰে চফিকুল আলী নামৰ এজনে। কাৰ্যালয়টোৰ গেট খুলি নিদিয়াৰ বাবেই বন কৰ্মীজনৰ ওপৰত খৰ্গহস্ত হৈ পৰে চফিকুল আলী নামৰ লোকজন। তাৰ পিছতেই বনকৰ্মী গোহাঁইক উপৰ্যুপৰি আক্ৰমণ কৰে চফিকুল আলীয়ে। 

উল্লেখ্য যে, বন কাৰ্যালয়ৰ পিছফালে থকা নিজা বাসগৃহলৈ যাবলৈ বনকৰ্মী গোহাঁইয়ে গেট খুলি নিদিয়াক কেন্দ্ৰ কৰিয়েই সৃষ্টি হয় এই কাণ্ডৰ। ইফালে নিশাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আক্ৰমণকাৰী চফিকুল আলীক আটক কৰাৰ লগতে চফিকুল আলীৰ আক্ৰমণত আঘাত প্ৰাপ্ত ভাইকন গোহাঁইক চিকিৎসালয়ত ভৰ্তি কৰে।

No comments