Breaking News

কয়লাৰ অবৈধ বেহাৰ বিৰুদ্ধে সৰৱ আছুৰ তিনিচুকীয়া জিলা সমিতি



ৰবীন মৰাণ, পেঙেৰীঃ "তিনিচুকীয়া জিলাত বিগত কেইবা মাহ ধৰি বন্ধ হৈ থকা অবৈধ কয়লাৰ সৰবৰাহ পুনৰ আৰম্ভ হৈছে। সততে দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই চমক সৃষ্টি কৰিব বিচৰা ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত পুনৰ ক'লা হীৰাৰ অবৈধ ব্যৱসায়ে গা কৰি উঠিছে।" এই মন্তব্য তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজা বলিমৰাৰ। ছাত্ৰ নেতা গৰাকীয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে কয় যে যি সময়ত অসম আৰক্ষী আৰু অসামৰিক প্ৰশাসনে  সমাজত সংঘটিত বিভিন্ন দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰিছে, তেনে সময়তে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত বিগত কিছুদিনৰ ধৰি অবৈধ কয়লাৰ ৰমৰমীয়া বেহা অব্যাহত আছে। সকলো ক্ষেত্ৰতে দুৰ্নীতিৰ বিৰুদ্ধে শূন্যসহনশীল স্থিতি গ্ৰহণ কৰা চৰকাৰৰ দিনত অব্যাহত থকা ৰাষ্ট্ৰীয় সম্পদৰ অবৈধ বেহাই সচেতন মহলৰ চকু কপালত তুলিছে। সন্থাৰ দাবী যিকোনো পৰিস্থিতিত চৰকাৰে মাৰ্ঘেৰিটাৰ অবৈধ কয়লাৰ বেহা বন্ধ কৰক। অন্যথা সংগঠনটোৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও সকীয়নি দিছে।

No comments