Breaking News

যাত্রাৰ শেষত (১৫)

 



        ✍ পৰিমিতা গোস্বামী 


        আজি দেওবাৰ । দেওবাৰৰ দিনটো সকলোৱে নিজৰ মতে উদযাপন কৰে । স্কুল , কলেজ , চাকৰি , ব্যৱসায় সকলো বন্ধ  । এই দিনটো সকলোৰে বাবে এটা ফ্ৰী দিন । অংশুৰো আজি বিশেষ লৰা-লৰি নাই । আনকালৰ দৰে ৰাতিপুৱা খৰ-খেদাকৈ উঠি টিউচন যোৱা, কলেজ যোৱা আদি কামবোৰৰ পৰা আজি ৰেহাই । আজিৰ দিনটোৱেই আৰামৰ দিন । সেয়ে  ৰাতিপুৱা অলপ দেৰিলৈকে শোৱে । 


       শুই উঠি ৰাতিপুৱাৰ চাহ কাপ সি নিজেই কৰে । আইতাক আৰু সি পুৱাৰ চাহ কাপ খাই একান্তই ব্যক্তিগত কামবোৰ  কৰে । আজি সি বহুত দিন চুকত পৰি থকা বেটখন বুটলি আনি বাহিৰৰ ষ্টেপতে বহি চাফা কৰি আছে । বেটখন মচি মচি মনতে ভাবিলে , “জীৱনটো ক’ৰ পৰা আহি ক’ত পালেহি । সাধাৰণতে বন্ধৰ দিন বা দেওবাৰ বোৰত বেট বলৰ লগত লাগি থকা ল’ৰাটো এতিয়া ঘৰ গৃহস্থীৰ কামতে আবদ্ধ থাকিব লগা হ’ল” । কথাটো ভাবি ভাবি ক’ব নোৱৰাকৈয়ে দীঘল হুমুনিয়াহ এটা ওলায় আহিল ।  বেটখন তেনেকৈ মচি থকা দেখি আইতাকে সুধিলে ,

:: আজি খেলিবলৈ যাবি নেকি বাবা ।

:: নাযাওঁ আইতা । বহুত দিন চুকত পৰি ধূলি-মাকতি লাগি লেতেৰা হৈ থকাৰ বাবে চাফা কৰি দিছো্ঁ ।

:: ভালেই কৰিছ । তোৰ বাজনা কেইটাও চাবিচোন । বহুত দিন চোৱাই নাই সেই কেইটা । বেয়া হৈ যাবগৈ ।

:: চাম আইতা । মায়ে ইমান কষ্ট কৰি গোটাই দিয়া বস্তু কেইটা মই সযতনে ৰাখিবই লাগিব । নহ’লে মাৰ আত্মাই কষ্ট পাব ।

আইতাকৰ ভাষাত বাজনা মানে হাৰমনিয়ামখন, তবলাযোৰ আৰু গীতাৰখন । মাকৰ সংগীতত বৰ ৰাপ আছিল । সেয়ে তাকো এই ইন্সট্ৰুমেণ্ট কেইটা গোটাই দিছিল আৰু সংগীতৰ শিক্ষক এজনৰ ওচৰত নাম লগাই দিছিল। সিও ভালদৰেই শিকিছিল । বজাইছিল গায়ছিল । আজি বহু দিন হ’ল  সেই বস্তু কেইটা এলাগী হৈ পৰি আছে । সি মনতে ভাবিলে ::আইতাই ঠিকেই মনত পেলায় দিলে । আজি ইন্সট্ৰুমেণ্ট কেইটা চাব লাগিব । আনবোৰ একো নহ’লেও তবলাযোৰ বহি যাব , ঘুণ এৰাব পাৰে । 


        দেওবাৰৰ  দিনটো নিজৰ দিন হিচাবে ব্যৱহাৰ কৰা সি তাৰ মাককো দেখিছিল। এই দিনটোতে ঘৰ-দুৱাৰ চাফা কৰা , কাপোৰ কানি ধোৱা,  ফুলনি চাফা কৰা, আবেলি বজাৰৰ ফালে ওলায় যোৱা আদি কামবোৰ কৰে। এই কামবোৰত সহায় কৰিবৰ বাবে ওচৰৰে কেতেকী বৰমাক  মাতি লয় । তাৰ মাক এতিয়া নাই যদিও  মানুহ গৰাকী এতিয়াও আহে । পেহীয়েকে তেওঁক কৈ গৈছে দেওবাৰৰ দিনটোত সেই কামখিনি কৰি মাক আৰু অংশুক সহায় কৰি দিবলৈ । মানুহ গৰাকী নিৰ্দিষ্ট সময়ত আহে আৰু কাম বন কৰি গুচি যায় । মাক থাকোতে ভাত পানী খাই দেৰিকৈ যায় । এতিয়া ভাত খাই  জঞ্জাল দিবলৈ বেয়া পায় । আইতাকে চাহ একাপকে খুৱাই পঠিয়াই ।


       এই দিনটোত অংশুৰ কৰিব লগীয়া এটা বিশেষ কাম হ’ল সপ্তাহটোৰ ৰেচনৰ লিষ্টখন লৈ বজাৰলৈ ওলায় যোৱা । অন্য বাৰত বজাৰ কৰিবলৈ সময় নাপায় । ফ্ৰী দিনটোতে সপ্তাহটোৰ শাক-পাচলি আৰু খোৱা বস্তুৰ বজাৰখন কৰি লয় । আগেয়ে বজাৰলৈ যোৱা বুলিলে সি বৰ টান পায়। বস্তুৰ দামো নাজানে , ভাল-বেয়া চাই আনিবও নাজানে । কিবা এটা আনিব লগীয়া হ’লেও চাই আনিব নজনাৰ ফলত দোকানিয়ে ঠগে, বেয়া বস্তুকে দি পঠিয়াই । এতিয়া উপায় নাই সিয়েই নকৰিলে সেইবোৰ কাম কৰিব পৰা ঘৰখনত দ্বিতীয় ব্যক্তি কোনো নাই । বেয়া পালেও সি কৰিবলৈ বাধ্য । আইতাকে কয়, “শাক-পাচলিৰ বজাৰখন আগবেলাতে কৰিলে ভাল সতেজ শাক-পাচলি পায় , পাছবেলালৈ থাকিলে বাচৰ বাচ কেইটাহে থাকে” । সেয়ে সি আগবেলাতে বজাৰ খন কৰি ল’য়। বজাৰৰ পৰা আহি গা-পা ধুই আন কামত লাগে ।


     আজি কেইবাদিনো হ’ল নিজৰ মানুহখিনিৰ ঘৰলে যাব পৰা নাই । তেওঁলোক সদায় আহে । সন্ধ্যা নিজৰ কাম বন সামৰি এবাৰ সিহঁতৰ ঘৰলৈ আহি আইতাক আৰু তাৰ খবৰ লয়হি । সিহে যোৱা হোৱা নাই । অন্যবাৰত তাৰ নিজৰ পঢ়া আৰু টিউচনৰ বাবে সময় উলিয়াব নোৱাৰে। দেওবাৰৰ দিনটোত পৰিয়ালৰ প্ৰত্যেকৰ ঘৰতে এপাক মৰাতো দেওবৰীয়া ৰুটিনখনৰ এটা বিশেষ দফা । দুপৰীয়া ভাত কেইটা খায় অকণমান জিৰণিলৈ আবেলি ওলায় যায় বৰদেউতাক , খুৰাক হতঁৰ ঘৰলৈ। পেহীয়েকেও কৈ গৈছে পৰিয়ালৰ মানুহবোৰৰ সৈতে ঘনিষ্ঠতা ৰাখিবলৈ । আপদে-বিপদে তেওঁলোকেই তাৰ লগ । তেওঁলোকেও তাক এৰা নাই সিওঁ তেওঁলোকক নেৰে । সি আইতাকক মাত লগায় ওলায় গ’ল । 

:: আইতা মই বৰদেউতাহতঁৰ ঘৰলৈ যাওঁ দেই ।

:: উম যা ।

সি ওলায় গ’ল । প্ৰথমে নয়নৰ ঘৰতে সোমাল । 


       নয়ন মানুহজন বৰ সৰল । একেবাৰেই আত্মকেন্দ্ৰিক নহয় । ব্যক্তিকেন্দ্ৰিক মনোভাবেৰে আবৃত্ত সমাজখনত তেৱেঁই একমাত্র ব্যতিক্ৰমী মানুহ । আনৰ খা-খবৰ লয়, আনৰ লগত সময় দিয়ে । তেওঁৰ এই আচৰণ সমাজৰ বাবে আদৰ্শ স্বৰূপ। তেওঁৰ পৰা পৰিয়ালৰ বাকী সকলে যথেষ্ট শিকিব লগীয়া আছে । পৰিয়ালৰ বাকীসকলৰ বাবে তেওঁ অনুকৰণীয় , নমস্য । পৰিয়ালৰ জেষ্ঠ হিচাবে এনে বাট দেখুৱাই দিয়াটো দহৰ বাবে সমাজৰ বাবে শুভ লক্ষণ । নয়নৰ বাবেই তেওঁলোকৰ সমগ্ৰ পৰিয়ালটোত বাহিৰৰ মানুহ সোমাই ভাঙোন আনিবলৈ চল পোৱা নাই। অংশুৱে তাৰ সুবিধা-অসুবিধা, অভাৱ-অভিযোগ সকলো পোন প্ৰথমে নয়ন আৰু পেহীয়েক নিকিতাৰ আগতেই প্ৰকাশ কৰে । নয়ন আৰু নিকিতাৰ অবিহনে অংশু অচল । তেওঁলোক তাৰ আধাৰ স্বৰূপ  । 


       নিকিতাইও দিনটোত তিনিবাৰ অংশু আৰু মাকৰ খবৰ লয়। ফোনতেই সকলো দিহা পৰামৰ্শ দি থাকে । অংশুৰ পঢ়াটোৰ ওপৰতো তাইৰ বিশেষ গুৰুত্ব । এই এটা বছৰ ভালদৰে পঢ়ি বি.এছ.চিটো সম্পূৰ্ণ কৰিব পাৰিলে তাৰ জীৱনটোৰ এটা গতি লগাব পৰা যাব । অন্ততঃ তাক চাকৰি এটা গোটাই দিব পাৰিলে তাই মানসিক শান্তি পাব । মাকৰ মৃত্যুৰ পাছত পাবলগীয়া পইচাখিনিৰ বাবেও তাই ঘূৰা-ঘূৰি কৰি আছে । সেই টকাখিনি পালেও পৰিয়ালটোৱে অলপ সকাহ পাব । নিকিতাৰ মনটো অনবৰতে মাক আৰু অংশুৰ লগতেই থাকে ঢেলটোহে তাইৰ ল’ৰা-ছোৱালী আৰু স্বামীৰ লগত থাকে । তাই বৰ্তমান দোদুল্যমান অৱস্থা এটাত ভূগি আছে । এফালে মাক আৰু অংশু  আনফালে তাইৰ পৰিয়াল ।

       (আগলৈ)

No comments