Breaking News

সেমেকা স্মৃতিৰ সুবাস~অন্তিম খণ্ড





                         মালবিকা শৰ্মা, ভুবনেশ্বৰ


বিহুৰ চুটি শেষ হ’ল, মলয়ো থকা ঠাইলৈ উভতি আহি আকৌ আগৰ দৰেই অফিচৰ কাম-কাজ লৈ ব্যস্ত হৈ পৰিল। অফিচত কাষত বহি কাম কৰা মানুহজনৰ গা বেয়া বাবে চুটিত আছিল, এতিয়া আহিছে যদিও এই দুদিন বৰকৈ কাহি আছে। তেওঁৰ পৰাই নিশ্চয় মলয়ৰ কাহ, পানীলগা জ্বৰ আৰম্ভ হৈছে। ডক্টৰে ভাইৰেল হোৱা বুলি ঘৰতে বিশ্ৰাম কৰিবলৈ দিয়াত মলয়ে অফিচত যোৱা নাই, ঘৰতে বিশ্ৰাম লৈ আছে। 

     ভাইৰেল জ্বৰ হোৱা বাবে মলয়ৰ দেহটো অতি দুৰ্বল হৈ পৰিছে, ঘৰৰ একো কাম কৰিব পৰা নাই। একো খাব মন নাযায়, খালী শুই থাকিবই মন। এই দুদিন অফিচৰ দুজনমানৰ ঘৰৰপৰা দি যোৱা খোৱা বস্তুৰেই সি কাম চলাই আছে। মলয়ৰ গা বেয়াৰ খবৰ শুনি খুৰাক খুৰীয়েকে বাৰে বাৰে ফোন কৰি আছে আৰু এনেবোৰ অষুখ-বিষুখ, দৰকাৰতে জীৱনসঙ্গীৰ যে খুব প্ৰয়োজন সেই বিষয়ে বুজাই আছে। লাহে লাহে মলয়েও কিছু অকলশৰীয়া অনুভৱ কৰা হৈছে। সেয়ে এইবাৰ খুৰীয়েকে কৈ থকা কথাটো চিন্তা কৰিয়েই মলয়ে বিবাহৰ বাবে মানসিকভাবে প্ৰস্তুত হ’ল। গা ভাল পোৱাৰ পিছত এদিন সি খুৰীয়েকৰ ফোন কৰি বিবাহৰ প্ৰস্তুতি আৰম্ভ কৰিব দিলে।

     খুৰাৰ লগত আলোচনা কৰি ভবা মতেই মলয়ে অফিচত চাকৰিৰপৰা ইস্তফা দিলে আৰু কিছুদিন পিছত বয়-বস্তু বান্ধি স্থায়ীকৈ থাকিবলৈ নিজৰ পৈতৃক ঘৰলৈ উভতি আহিল। মলয় অহাৰ পিছত ঘৰখনত উৎসৱৰ দৰেই পৰিবেশ সৃষ্টি হ’ল। ইপিনে ৰাধা আৰু ববিতাৰ গাতো তত নোহোৱা হৈছে। বিশেষকৈ ববিতাৰ নন্দেকৰ সৈতে মলয়ৰ বিবাহ যেতিয়া ববিতাৰ এই কেইদিন কথা ক’বলৈও যেন সময় নোহোৱা হৈছে। চাওতে চাওতে আকাঙ্ক্ষিত দিনটো আহি গ’ল। দৰা সাজি মলয় ওলাল, ৰাধা আৰু মীৰাই মিলি মলয়ক সুন্দৰকৈ সজাই তুলিলে। মলয়ৰ খুৰাকৰ ল’ৰা-বোৱাৰীও সময়ত আহি ঘৰখন ভৰাই তুলিছে। 

      বেছ সুন্দৰকৈ হাঁহি-ধেমালিৰ মাজেৰে বিবাহ সম্পন্ন হ’ল। মলয়ে বাৰে বাৰে খুব সাধাৰনভাবে বিবাহ কৰাৰ কথা কৈছিল যদিও কইনাৰ ঘৰখনে বেছ সুন্দৰভাবে আয়োজন কৰিছিল। অবশ্যে খুৰাক খুৰীয়েকেও এইপিনে বেছ ভালদৰেই সকলো নীতি নিয়মবোৰ পালন কৰিলে। বিবাহ সমাপ্ত কৰি নতুন কইনা লৈ আহি মলয় নিজৰ ঘৰত সোমাল এখন সুখী সংসাৰৰ আশাৰে।

(সমাপ্ত)


লেখিকাক ফলো কৰিবলৈ তলৰ লিংকটো ব্যৱহাৰ কৰক- 

No comments