Breaking News

কাৰ্বি আংলংৰ ৰংবংৱেত আৰক্ষী আৰু উগ্ৰপন্থীৰ সংঘৰ্ষ ৷ নৱগঠিত উগ্ৰপন্থী সংগঠন কে.ডি.এল.এফৰ সেনাধ্যক্ষ নিহত

 


ৰণজিৎ বৰা , বোকাজান : কাৰ্বি আংলংৰ আটাইকেইটা সশস্ত্ৰ বিদ্ৰোহী সংগঠন মূলসূঁতিলৈ ঘূৰি অহাৰ পাছত সম্পাদিত শান্তি চুক্তিৰ জৰিয়তে জিলাখনলৈ স্বাভাৱিক অৱস্থা ঘূৰি অহা বুলি ধাৰণা কৰা হৈছিল যদিও কাৰ্যত সেয়া সফল হৈ নুঠিল ৷আজি পুনৰ পুৱতি নিশা কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমান্তৱৰ্তী ৰংবংৱেত আৰক্ষী আৰু নৱগঠিত কাৰ্বি ডেমক্ৰেটিক লিবাৰেচন ফ্ৰণ্ট নামৰ এটি উগ্ৰপন্থী সংগঠনৰ মাজত সংঘৰ্ষ হয় ৷ এই সংঘৰ্ষত সংগঠনটোৰ সেনাধ্যক্ষ জেকচন ৰংহাংৰ আৰক্ষীৰ গুলীত মৃত্যু হয়৷মৃত সেনাধ্যক্ষ গৰাকীৰ ঘৰ ৰংবংৱেৰ বিবিয়া ক্ৰ গাৱঁত ৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা গুলীসহ এটা পিষ্টল উদ্ধাৰ কৰে ৷ উল্লেখযোগ্য যোৱা ১০ডিচেম্বৰত পথ নিৰ্মাণৰ কামত নিয়োজিত চন্দন দে নামৰ এজন মিস্ত্ৰীক কোনো উগ্ৰপন্থী গোটে অপহৰণ কৰাৰ পাছত ১৩ ডিচেম্বৰত আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পাছত আজি পুনৰ সংঘৰ্ষত নৱগঠিত উগ্ৰপন্থী সংগঠনৰ সেনাধ্যক্ষ নিহত হোৱা কাৰ্যই জিলাখনত চলি থকা শান্তি প্ৰচেষ্টাক বিঘ্নিত কৰি তুলিছে ৷

No comments