Breaking News

গোলাঘাটত মুকলি হ’ল পিয়াজঅ’ বৈদ্যুতিক বাহনৰ অত্যাধুনিক শ্ব’ৰূম

 


ডিজিটেল সংবাদ, গোলাঘাটঃ ইটালীৰ বিখ্যাত বাহন নিৰ্মাতা কোম্পানী পিয়াজঅ’য়ে ভেৰিকেল প্ৰাইভেট লিমিটেডৰ বৈদ্যুতিক বাহনৰ এটা শ্ব’ৰুম আজি গোলাঘাটত আনুষ্ঠানিকভাৱে মুকলি কৰে । গোলাঘাট ডনবস্ক’ ৰোডস্থিত কে জে মটৰছ নামৰ প্ৰতিষ্ঠানটোত পিয়াজঅ’ বৈদ্যুতিক বাহনৰ অত্যাধুনিক শ্ব’ ৰোম আনুষ্ঠানিকভাৱে মুকলি কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু গোলাঘাট জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জীয়ে। অনুষ্ঠানটোত কে জে মটৰচৰ জিলা প্ৰিন্সিপাল নাচিৰ আহমেদৰ লগতে পিয়াজঅ’ ইণ্ডিয়াৰ উত্তৰ-পূবৰ ৰিজ’নেল মেনেজাৰ এম মজুমদাৰ উপস্থিত থাকে। গ্ৰাহকৰ সুবিধা আৰু পৰিৱেশ প্ৰদূষণ ৰোধৰ জৰিয়তে বিদ্যুতিক বাহনে এক বৃহৎ বজাৰ দখল কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী পিয়াজঅ’ কৰ্তৃপক্ষ।



উল্লেখ্য যে গোলাঘাটত প্ৰথমবাৰৰ বাবে বৈদ্যুতিক বাহনৰ শ্ব’ৰুম মুকলি হোৱাৰ দিনটোতে তিনিচকীয়া এখন মালবাহী এপে বাহন ক্ৰয় কৰে গোলাঘাটৰ বিশিষ্ট সাংবাদিক বিকাশ শৰ্মাই। গোলাঘাটৰ কে জে মটৰছ নামৰ উক্ত প্ৰতিষ্ঠানটোৰ পৰা বৈদ্যুতিক বাহন ক্ৰয় কৰা প্ৰথমগৰাকী গ্ৰাহক  বিকাশ শৰ্মাক বাহনখনৰ কী আনুষ্ঠানিকভাৱে প্ৰদান কৰে বিধায়ক বিশ্বজিৎ ফুকনে  

No comments