Breaking News

মঙলদৈ সদৰ থানাৰ আৰক্ষী পৰিদৰ্শক মস্কো শইকীয়াৰ আকস্মিক মৃত্যুত গৃহভূমি কলিয়াবৰত শোকৰ ছাঁ।



ডিজিটেল সংবাদ, কলিয়াবৰঃ শনিবাৰে গধুলি মঙলদৈ সদৰ থানাৰ  আৰক্ষী  পৰিদৰ্শক মস্কো শইকীয়াই থানাৰ দায়িত্ব পালন কৰি থকা অৱস্থাতে ৮-৩০বজাত উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হোৱাত   ততাতৈয়াকৈ শইকীয়াক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ  ভৰ্তি কৰা হয় যদিও নিশাই হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ কৰে মস্কো শইকীয়াই ।

সুদক্ষ, মৃদুভাষী,সৰবৰাহী তথা সাংস্কৃতিবান আৰক্ষী বিষয়া গৰাকীৰ আকস্মিক মৃত্যুত গৃহভূমি কলিয়াবৰত শোকৰ ছাঁ পৰিছে।



কলিয়াবৰৰ সুসন্তান সংস্কৃতিবান আৰক্ষী বিষয়া মস্কো শইকীয়াৰ পৰলোকপ্ৰাপ্তিত কলিয়াবৰ প্ৰেছ ক্লাবে, প্ৰাক্তন আছু সচেতন মঞ্চ, কলিয়াবৰে গভীৰ শোক প্ৰকাশ কৰে।

No comments