Breaking News

গোলাঘাটত আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন


ডিজিটেল সংবাদ, গোলাঘাটঃগোলাঘাট জিলা প্ৰশাসন আৰু সমাজ কল্যান বিভাগ, গোলাঘাটৰ উদ্যোগত, সংহত শিশু উন্নয়ন প্ৰকল্প আৰু বেচৰকাৰী সংস্থাৰ সহযোগত আজি গোলাঘাট নগৰৰ শিশুৰ ওমলা ঘৰৰ সভাকক্ষত আন্তৰ্জাতিক দিব্যাংগ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় । সভাত অংশ লৈ জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে ইউ ডি আই ডি কাৰ্ডৰ বাবে কেনেকৈ নাম পঞ্জীয়ন কৰিব লাগে এই বিষয়ে সবিশেষ ব্যাখ্যা কৰে । তেওঁ লগতে জিলাখনত দিব্যাংগসকলৰ বাবে থকা বিভিন্ন সা-সুবিধা সম্পৰ্কেও উপস্থিত লোকসকলক অৱগত কৰে । 


অনুষ্ঠানত অংশ লৈ মহকুমা চিকিৎসা স্বাস্থ্য বিষয়া ডাঃ হীৰেণ শইকীয়াই কয় যে, দিব্যাংগ লোকসকলো আমাৰ সমাজৰ এটা গুৰুত্বপূৰ্ণ অংশ আৰু তেওঁলোকে কেতিয়াও নিজকে আনতকৈ কম বুলি ভবা উচিত নহয় । আজিৰ অনুষ্ঠানতে জিলাখনৰ ৩০ গৰাকী দিব্যাংগ লোকক ইউ ডি আই ডি কাৰ্ড প্ৰদান কৰাৰ লগতে একোখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যান বিষয়া গৌৰীপ্ৰিয়া দেউৰীয়ে । 

আজিজুল হুছেইনে আঁত ধৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় জুপি শইকীয়াই । অনুষ্ঠানত জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী আৰু সমাজ কল্যান বিভাগৰ কৰ্মচাৰী তথা বিভিন্ন ঠাইৰ পৰা অহা দিব্যাংগ লোক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে অংশগ্ৰহণ কৰে । 


No comments