Breaking News

গোলাঘাটত এপাৰ্টৰ অধীনত কৃষিক্ষেত্ৰত ব্যৱহৃত যন্ত্ৰ-পাতি আৰু সা-সামগ্ৰী বিতৰণ


ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ বনগাঁও কৃষি উন্নয়ন বিষয়া চক্ৰৰ অধীনৰ মিছিমিআটি গাঁৱৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্মাৰছ প্ৰডিউচাৰছ কোম্পানীক আজি জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই কৃষিক্ষেত্ৰত ব্যৱহৃত যন্ত্ৰ-পাতি আৰু সা-সামগ্ৰী বিতৰণ কৰে । এই উপলক্ষে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ চৌহদতে আয়োজিত এটা অনুষ্ঠানত  শৰ্মাই কয় যে কৃষকৰ উপাৰ্জন দুগুনলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কৃষি খণ্ডত আধুনিক আহিলা-পাতি আৰু সা-সামগ্ৰী ব্যৱহাৰৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিছে । 

অনুষ্ঠানত জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া (এগ্ৰ') তথা এপাৰ্টৰ জিলা ন'ডেল বিষয়া ৰঞ্জন বৰুৱাই কয় যে আধুনিক যন্ত্ৰ-পাতিৰ অধিক ব্যৱহাৰৰ দ্বাৰা কৃষি খণ্ডলৈ ৰূপান্তৰ অনাৰ লগতে কৃষকৰ উপাৰ্জন দুগুণ কৰাটোৱেই ৰাজ্য চৰকাৰ তথা এপার্ট প্ৰকল্পসমূহৰ লক্ষ্য । আজিৰ অনুষ্ঠানত এপাৰ্টৰ অধীনত কঠিয়া ৰোৱা আৰু ধান কটা যন্ত্ৰ বিতৰণ কৰা হয় । 

অনুষ্ঠানত মহকুমা কৃষি বিষয়া, গোলাঘাট (সদৰ) কৃষ্ণ ৰঞ্জন শইকীয়া, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া জয়া গোস্বামী, এপার্টৰ জিলা পৰিৱেশ সমন্বয়ক ডঃ বনশ্ৰী শৰ্মা, এপাৰ্টৰ বিষয়া অনুপম গগৈ আৰু আত্মা-এপাৰ্ট আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল । 

No comments