Breaking News

নগালেণ্ডত ছমাহলৈ আফস্ফাৰ ম্যাদ বৃদ্ধিক লৈ নগা হ'হৰ প্ৰতিক্ৰিয়া প্ৰকাশ

 



মৃত্যুঞ্জয় দাস, সোণাৰিঃ কেন্দ্ৰীয় চৰকাৰে নগালেণ্ডত বিগত কেইবা দশক ধৰি বলৱত হৈ থকা সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইনৰ ম্যাদ ছমাহলৈ বৃদ্ধি কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যখনৰ বিভিন্ন দল সংগঠনে। নগালেণ্ডৰ সকলো জনগোষ্ঠীৰ উমৈহতীয়া মঞ্চ নগা হ'হৰ সভাপতি এইচ কে জিমমিয়ে প্ৰকাশ কৰা এক প্ৰেছ বিবৃত্তিৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিৰোধিতা কৰা হৈছে। বিবৃত্তিটোত উল্লেখ কৰা মতে মন জিলাৰ অটিং বস্তিত সেনা বাহিনীৰ দলে শেহতীয়াকৈ সংঘটিত কৰা হত্যা কাণ্ডৰ পিছত ৰাজ্যখনৰ সকলো দল সংগঠনৰ লগতে সাধাৰণ নাগৰিকে ৰাজ্যখনৰ পৰা আফস্ফা প্ৰত্যাহাৰৰ দাবী সজোৰে উত্থাপন কৰিছিল। এই দাবীৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় চৰকাৰে বিষয়টো বিবেচনা কৰিবৰ কাৰণে এটা উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিছিল। কিন্তু নগা জনসাধাৰণৰ মাত নুশুনি কেন্দ্ৰীয় চৰকাৰে হঠাৎ ছমাহৰ বাবে আফস্ফাৰ ম্যাদ বৃদ্ধি কৰাটোৰ এক অমানৱীয় কাণ্ড বুলি বিবৃত্তিটোত উল্লেখ কৰা হৈছে। বিবৃত্তিটোত আগন্তুক দিনত সকলো নগা জনসাধাৰণক একগোট হৈ যিকোনো পৰিস্থিতিৰ সন্মুখীন হোৱাকৈ সাজু থাকিবলৈ আহ্বান জনোৱা হয়। নগা লোক সকলৰ ভাগ্য নগা সকলেহে নিৰ্ধাৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে নোৱাৰে বুলি বিবৃত্তিটোৰ যোগেদি স্পষ্ট কৰি দিয়া হয়। 


No comments