Breaking News

উশ্বু নেচেনেল গেমচত ছাত্ৰী আকস্মিক মৃত্যু



ৰত্নেশ্বৰ হাজৰিকা, ঘিলাধাৰীঃ গোলাঘাট জিলা ঘিলাধাৰী থানা অন্তৰ্গত উষাখৃষ্টান বস্তিৰ নিবাসী জ্‌ন বাগে আৰু  মঞ্জু বাগেৰ জ্যেষ্ঠ কন্যা জেনী বাগে (১৯) যোৱা ২১ডিচেম্বৰত গোৱাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় উশ্বু খেলত অংশ গ্ৰহণ কৰিবলৈ গৈছিল । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে খেল খেলাৰ পৃৰ্বেই খেলুৱৈ তথা ঊষাগৰঙা জ্ঞানদ্বীপ একাডমিৰ দশম শ্ৰেণীৰ ছাত্ৰী জেনী বাগে ৰহ্স্যজনক ভাৱে ৰাষ্ট্ৰীয় উশ্বু খেল অনুষ্ঠিত হোৱা গোৱাতেই যোৱা ৩০ ডিচেম্বৰ পুৱা ৪:৩০ বজাত মৃত্যুক আকোৱালী ল'ব লগা হয় । দৰিদ্ৰ পৰিয়ালটোৱে উদীয়মান খেলুৱৈ গৰাকীৰ মৃতদেহ স্ব-গৃহলৈ আনিবলৈ সক্ষম হোৱা নাই । আজি পুৱা খেলুৱৈ গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰা লগে লগে পিতৃৰ গৃহত অগণন গুণমূগ্ধ ৰাইজ, ঊষাখৃষ্টান বস্তিৰ প্ৰথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকদ্বয় আহি সমবেত হৈ গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ সদ্‌গতি কামনা কৰি পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

No comments