Breaking News

বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক দিলীপ বৰাৰ মৃত্যু শোক



ৰত্নেশ্বৰ হাজৰিকা, ঘিলাধাৰীঃ গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানা অন্তৰ্গত ১ নং বৰজান গাঁৱৰ নিবাসী তথা বিশিষ্ট ক্ষুদ্ৰচাহ খেতিয়ক দিলীপ বৰাৰ  দেওবাৰে পুৱা মৃত্যু হয়।   পুৱা ৪ বজাত গুৰুত্ব ভাৱে অসুস্থ হোৱাত বৰাক ততাতৈয়াকৈ পৰিয়ালৰ লোকে ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে  গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে । মৃত্যুৰ  সময়ত তেখেতৰ বয়স আছিল ৬১ বছৰ। বৰাৰ আকস্মিক মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে । মৃত্যুৰ সময়ত বৰাই দুজন পুত্ৰ, এগৰাকী কন্যাসহ বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ গৈছে ।

No comments