Breaking News

গোলাঘাট জিলাতো কাইলৈৰ পৰা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ



২৭টা শিক্ষানুষ্ঠান আৰু এখন চিকিৎসালয়ৰ লগতে এটা ভ্ৰাম্যমান দলে প্ৰদান কৰিব প্ৰতিষেধক


গোলাঘাট: গোলাঘাট জিলাতো কাইলৈৰ পৰা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীসকলক ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হ'ব । সেই অনুসৰি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগ আৰু মাধ্যমিক শিক্ষা বিভাগৰ নিৰ্দেশক্ৰমে গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ সহযোগত জিলাখনৰ ২৭টা শিক্ষানুষ্ঠান আৰু শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ লগতে গোলাঘাট নগৰৰ বিভিন্ন শিক্ষানুষ্ঠানত এটা ভ্ৰাম্যমান দলে ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীক মুঠ ৪,৭৪২ পালি ক'ভাক্সিন প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীসকলকে ধৰি কাইলৈ জিলাখনৰ মুঠ ১০৫ টা কেন্দ্ৰত ১৬,০৯২ পালি প্ৰথম আৰু দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই ২০০৭ চনৰ ৩১ ডিচেম্বৰ বা তাৰ পূৰ্বে জন্মলাভ কৰা সকলো ছাত্ৰ-ছাত্ৰী আৰু কিশোৰ-কিশোৰীক বিনাদ্বিধাই এই প্ৰতিষেধক ল'বলৈ আহ্বান জনাইছে । শিক্ষানুষ্ঠানৰ বাহিৰৰ কিশোৰ-কিশোৰীয়েও এই প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰি তেওঁ প্ৰতিষেধকৰ পালি যাতে নষ্ট নহয় তাৰ প্ৰতি বিশেষভাৱে চকু দিবলৈ নিৰ্দেশ দিছে । এই অভিযান সফল কৰাৰ বাবে শিক্ষানুষ্ঠানৰ মুৰব্বী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ দলক সহযোগ কৰিবলৈও উপায়ুক্তগৰাকীয়ে আহ্বান জনায় । তেওঁ দ্বিতীয় পালি প্ৰতিষেধক ল'বলৈ বাকী থকা লোকসকলকো অতি সোনকালে ওচৰৰ কেন্দ্ৰত প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় । 

No comments