Breaking News

চৰাইদেউ জিলাত ১০৬ নং সোণাৰি আৰু ১০৫ নং মাহমৰা সমষ্টিৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ।




মৃত্যুঞ্জয় দাস, সোণাৰিঃ আজি চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা নিৰ্বাচনী বিষয়া পল বৰুৱাৰ পৌৰহিত্যত ১০৬ নং সোণাৰি আৰু ১০৫ নং মাহমৰা সমষ্টিৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ সন্দৰ্ভত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়।


উক্ত সভাত জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে উল্লেখ কৰা অনুসৰি চৰাইদেউ জিলাৰ মুঠ ভোটকেন্দ্ৰ হৈছে ৩৬৩ । ইয়াৰে ভিতৰত ১০৬ নং সোণাৰি সমষ্টিৰ অন্তৰ্গত মুঠ ভোট কেন্দ্ৰ হৈছে ২০২ টা আৰু ১০৫ নং মাহমৰা সমষ্টিৰ মুঠ ভোট কেন্দ্ৰ হৈছে ১৬১ টা।


উল্লেখযোগ্য যে, ১০৬ নং সোণাৰি সমষ্টিৰ অন্তৰ্গত মুঠ ১,৭৯,১২১,গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ ৮৯,৬৭১ জন আৰু মহিলা ভোটাৰ হৈছে ৮৯,৪৫০ গৰাকী।


অন্যহাতেদি, ১০৫-নং মাহমৰা সমষ্টিৰ অন্তৰ্গত মুঠ ১,৩৮,৫৬০ গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ ৬৮,৯৫৬ জন আৰু মহিলা ভোটাৰ হৈছে ৬৯,৬০৪ গৰাকী।


উক্ত চূড়ান্ত ভোটাৰ তালিকা চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়, নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়, পৌৰসভাৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে জিলা খনৰ সমূহ ভোটকেন্দ্ৰত উপলব্ধ হ'ব বুলি জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।


আজিৰ সভাত চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জিমলী শইকীয়া, নিৰ্বাচনী বিষয়া নিবেদিতা বৰঠাকুৰ, সোণাৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চৈতালী দত্ত, জনসংযোগ বিভাগৰ আয়েজাৰ ৰহমানৰ লগতে ৰাজনৈতিক দলৰ প্ৰতিনিধি বৰ্গ উপস্থিত আছিল।


No comments