Breaking News

বিভিন্ন প্ৰজাতিৰ পক্ষীৰ জলকেলিয়ে পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈ পৰিছে কাজিৰঙা



ডিজিটেল ডেস্কঃ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে বিভিন্ন প্ৰজাতিৰ দেশী বিদেশী চৰাইৰ অন্যতম বিচৰণস্থলী‌। ৰাষ্ট্ৰীয় উদ্যানখনত থকা জলাশয়সমূহত বিভিন্ন প্ৰজাতিৰ পক্ষীয়ে কৰা জলকেলি হৈছে পৰ্যটকৰ অন্যতম আকৰ্ষণ। কাজিৰঙাত স্থায়ীভাৱে বসতি পক্ষীৰ উপৰিও পৰিভ্ৰমী পক্ষীৰ আগমণে আকৰ্ষণৰ অনন্য মাত্ৰা প্ৰদান কৰিছে। আনহাতে, পৰিভ্ৰমী চৰাইৰ অন্যতম পচন্দৰ স্থান হিচাপে চিহ্নিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। শীতৰ সময়ত বিভিন্ন প্ৰজাতিৰ পক্ষীৰ আগমন ঘটে কাজিৰঙালৈ। প্ৰধানকৈ শীতপ্ৰধান দেশৰ পৰা কাজিৰঙালৈ আহে জাকে জাকে পক্ষী । 



দক্ষিণ ইউৰোপৰ কিৰগিস্তান,দক্ষিণ চাইবেৰীয়া,জাপানৰ উত্তৰ পূব অংশ,উত্তৰ পূব ৰাচিয়াৰ পৰা আহে সৰ্বাধিক পৰিভ্ৰমী চৰাই। সমানেই দক্ষিণ ইউৰোপ আদি ঠাইৰ পৰাও কাজিৰঙালৈ আহে বহু পৰিভ্ৰমী চৰাই। প্ৰধানতঃ হাহঁজাতীয় বিভিন্ন চৰাই অক্টোবৰত আহি মাৰ্চ মাহ পৰ্যন্ত কাজিৰঙাত বসতি কৰা পৰিলক্ষিত হয়।  


No comments