Breaking News

যাত্রাৰ শেষত (১৮)

 


       ✍পৰিমিতা গোস্বামী 


        ধনশিৰী পাৰ আদৰ্শ শিশু সদনৰ ছাত্র-ছাত্রী সকলৰ আটাইতকৈ প্ৰিয় শিক্ষকজন হ’ল “ অংশুমান ছাৰ”।  অংশুৰ যিমানবোৰ গুণ আছিল , প্ৰতিভা আছিল সেই সকলোবোৰ প্ৰকাশ  পাইছিল আদৰ্শ  শিশু সদনৰ মজিয়াত । পাঠ্য পুথিৰ শিক্ষা সি যিমান জানিছিল সেই সকলোবোৰ ছাত্র-ছাত্রীৰ মাজত বিলাই দিছিল । তাৰ বাহিৰে বাহ্যিক জ্ঞান যিমান পাৰে সিমান ঢালি দিবলৈ যত্ন কৰিছিল । সৰুতে মাকে শিকোৱা গীত-মাত, কবিতাৰ আবৃত্তিবোৰ  ছাত্র-ছাত্রীক শিকাইছিল । মাকে লিখা শিশু নাটক কেইখন মানো অভিনয় কৰিবলৈ শিকাইছিল । মাজে-সময়ে ছাত্র-ছাত্রীক প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ লৈ যাব লগীয়াও হৈছিল । লাহে লাহে অংশু ধনশিৰী পাৰ আদৰ্শ  শিশু সদনৰ এজন সক্ৰিয় শিক্ষক হৈ পৰিল । সকলোৱে ক’বলৈ ধৰিলে মাক চায়ে পুতেক উঠিছে । মাক যেনেকৈ স্কুলৰ ল’ৰা-ছোৱালীবোৰৰ মাজত সোমায় পৰিছিল অংশুও তেনেকৈ ল’ৰা-ছোৱালীবোৰৰ মাজত সোমাই পৰিল । 


          ভগৱানে মাক-দেউতাকক তাৰ পৰা কাঢ়ি নি এফালে তাক দুৰ্ভগীয়াৰ শাৰীত থলে সঁচা । আনফালে মাক-দেউতাকৰ পৰা পোৱা গুণ-গৰিমা, স্বভাৱ-চৰিত্রৰে তাক সকলোৰে মাজত মূৰ ডাঙি থাকিবলৈ সমৰ্থবান কৰি তুলিলে । সেয়ে চাগে মানুহৰ মুখে মুখে চলি আহিছে ভগৱানে এফালে নিদিলেও আনফালে পূৰ্ণ কৰি পঠিয়াই । দেউতাকৰ প্ৰত্যক্ষ প্ৰভাৱ তাৰ জীৱনত বৰকৈ নপৰিল যিহেতু তাৰ মাত্র তিনি বছৰ বয়সতে সি তাৰ দেউতাকক হেৰুৱাইছে এটা আকস্মিক দুৰ্ঘটনাত । জন্ম সূত্রে সি তাৰ দেউতাকৰ পৰা বহুত কিবা কিবি আহৰণ কৰিছে । বিশেষকৈ অমায়িক স্বভাৱটো । কাকো ডাঙৰকৈ কথা এষাৰ ক’ব নোৱৰা স্বভাৱটো সি তাৰ দেউতাকৰ পৰাই পাইছে । নিজৰেই হওক বা আনৰেই কাৰো দুখ-কষ্ট চাই থাকিব নোৱৰা দৰদী স্বভাৱটো তাৰ দেউতাকৰ পৰাই পাইছে । দেউতাকৰ পৰা অহা এই গুণ বোৰৰ বাবে সকলোৰে পৰা মৰম আদৰ লাভ কৰিছে। তিনি বছৰ বয়সৰ পৰা বিশ বছৰীয়া হোৱালৈকে মাকৰ পৰা পোৱা সকলো শিক্ষাই তাক বৰ্তমানৰ নিঠৰুৱা জীৱনটো সুন্দৰকৈ অতিবাহিত কৰিবলৈ সক্ষম কৰি তুলিছে । মাকৰ পৰা সি কি পোৱা নাই ? মানুহ হৈ পৃথিৱীত জীয়াই থাকিবলৈ যিমানবোৰ শিক্ষাৰ প্ৰয়োজন সেই সকলোবোৰ পাইছে। নৈতিক , আধ্যাত্মিক , সামাজিক এই সকলোবোৰ শিক্ষা সি মাকৰ পৰাই পাইছে । সেইবোৰ শিক্ষাৰে শিক্ষিত হৈ তাৰ অকলশৰীয়া জীৱনটো সহজ ভাবেই অতিবাহিত কৰিব পাৰিছে । সমাজত চলি থাকিবলৈ কোনেও তাক এতিয়া শিকাই থাকিব লগীয়া হোৱা নাই । এইটো কৰ, সেইটো নকৰিবি। মাকৰ লগত সি সৰুৰে পৰা ৰাজহুৱা সভা-সমিতি , নামঘৰৰ সমজুৱা কাম-কাজ  সকলোলৈকে গৈছে । সাজ-পাৰৰ পৰা কথন ভংগীলৈকে ক’ত কি পিন্ধিব লাগিব , ক’ত কেনেধৰণেৰে কথা ক’ব লাগিব সকলো শিকিছে । সংস্কৃতিক জগতখনতো সি মাকৰ যোগেদিয়েই চিনাকি হৈছে । সেই কাৰণেই সি তাৰ ছাত্র-ছাত্রী সকলক সেই দিশ বিলাকত আগবঢ়াই নিবলৈ সক্ষম হৈছে । এনেকৈয়ে পাৰ হৈছে তাৰ ব্যক্তিগত জীৱন , ৰাজহুৱা জীৱন ।


       ইয়াৰ আগতে ধনশিৰী পাৰ আদৰ্শ শিশু সদন সাংস্কৃতিক দিশত বৰ বেছি আগবঢ়া নাছিল । যদিও তাত গীত নৃত্য শিকোৱাৰ বাবে এটা বিষয় আছিল উপযুক্ত শিক্ষকৰ অভাৱত কোনো মতে জোৰা টাপলি মাৰি চলি আছিল । অ’ৰ ত’ৰ পৰা শিক্ষক আনি অস্থায়ী ভাবে চলাই আছিল । অংশু  সেই বিদ্যালয়ত যোগদান কৰাৰ পাছত সাংস্কৃতিক দিশটোত বিশেষ ভাবে আগবাঢ়ই নিব পাৰিছিল । যদিও সি অংক আৰু বিজ্ঞান বিষয়ৰ শিক্ষক হিচাবেহে যোগদান কৰিছিল। তথাপি তাৰ স্বকীয় প্ৰতিভাৰে এই দিশটোত আগবঢ়াই নিব পাৰিছিল। আঞ্চলিক ভিত্তিত আয়োজন কৰা বিভিন্ন অনুষ্ঠান বোৰত যোগদান কৰি পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱাৰ লগতে মহকুমা পৰ্যায়ৰ, জিলা পৰ্যায়ৰ অনুষ্ঠান বিলাকটো যোগ দিবলৈ সমৰ্থ হৈছিল । পুৰস্কাৰ পাবলৈও যোগ্য বিবেচিত হৈছিল। মুঠতে অংশু সেই বিদ্যালয়ত যোগদানৰ লগে লগে বিদ্যালয়খনৰ শৈক্ষিক আৰু সাংস্কৃতিক দুয়োটা দিশতে সমানে আগবাঢ়ি গৈছিল ।  


        লাহে লাহে অংশুৰ বি.এছ.চি ৰিজাল্টৰ সময় ওচৰ চাপি আহিছে । তাৰ ৰিজাল্টৰ যিমানেই ওচৰ চাপি আহিছে সিমানেই ধনশিৰী পাৰ আদৰ্শ শিশু সদনৰ প্ৰধান শিক্ষক আৰু অভিভাৱক সকল চিন্তিত হৈ পৰিছে । সেই অঞ্চলৰ সকলোৱে জানে তাৰ ৰিজাল্ট ভাল হ’ব । ভাল মানে অকল পাছহে কৰিব তেনে নহয় । সি ভাল নম্বৰ পাই সুখ্যাতিৰে উত্তীৰ্ণ হ’ব । সি এটা চৰকাৰী ভাল চাকৰিৰ বাবে উপযুক্ত হৈ উঠিব । তাৰ ৰিজাল্টৰ পাছত ধনশিৰী পাৰ আদৰ্শ  শিশু সদনত কিমান দিন সেৱা আগবঢ়াব পাৰিব কোনো নিশ্চয়তা নাই । তাৰ পৰিবৰ্তে যে সকলো দিশতে আগবঢ়া তেনে এজন শিক্ষক পাব সেই আশাও কৰিব নোৱাৰি । কাৰণ সেই বৃহৎ অঞ্চলটোত তাৰ দৰে সকলো দিশতে আগবঢ়া দ্বিতীয় এজন  নাই । তাৰ দৰে এজন শিক্ষক ক’ত পাব ? অংক বিজ্ঞান পঢ়োৱাব পৰা শিক্ষক পাব কিন্তু সংগীত ,নৃত্য আদি সাংস্কৃতিক বিষয়বোৰ কেনেকৈ আগবঢ়াই নিব তাকলৈ শিক্ষক অভিভাৱক সকলো চিন্তিত হৈ পৰিল ।


        অংশু আজি অলপ দুঃচিন্তাত ভোগিছে । কাৰণ আজি তাৰ বি.এছ.চি ৰ ৰিজাল্ট দিব। যিমানেই চোকা নহওক যিমানেই গাধা নহওক ৰিজাল্টৰ ভয় সকলোৰে সমান । পৰীক্ষা যিমানেই ভাল নহওক ৰিজাল্টৰ দিনা উগুল-থূগুল ভাৱ এটাই সকলোৰে মনত খোপনি লয়। আইতাকৰো মনৰ ভিতৰত ভয় এটাই বাহ লৈছে । ৰাতিপুৱাই গোসাঁই ঘৰ সোমায় শলা এগচ জ্বলাই ভগৱানক খাটনি ধৰিছে , “ মাউৰা ল’ৰাটোক চকু মেলি চাবা আৰু প্ৰভু , তাৰ ৰিজাল্টো সি আশা কৰা মতেই দিবা”। পেহীয়েকৰো ফোন আহি আছে , :: ৰিজাল্ট পালিনে ? নেটত চাইছনে ?

সি এটাই উত্তৰ দিয়ে ,

:: পালে তোমাক লগা লগ খবৰ দিম পেহী ।এতিয়ালৈকে পোৱা নাই ।

যথা সময়ত তাৰ ৰিজাল্ট আহিল । প্ৰথমে “ অল ক্লিয়েৰ” বুলি আহিল আৰু অলপ পিছত নম্বৰ খিনি আহিল । ৮.৩৫% নম্বৰ  পাই সি বি. এছ.চি পাছ কৰিলে । সি সুখী হ’ল , সুখী হ’ল তাৰ আইতাক ,পেহীয়েক, বৰদেউতাক , পৰিয়ালৰ সকলো । দুখৰ বোজা মূৰতলৈ কঠোৰ জীৱন সংগ্ৰাম চলায় সি তাৰ খোপনি নেৰিলে । প্ৰকৃত মেধা গুণৰ পৰিচয় দিলে । তাৰ পৰিয়াল , স্কুলৰ সহকৰ্মী  সকল , ওচৰ- চুবুৰীয়া , তাৰ শ্ৰদ্ধাৰ শিক্ষা গুৰু সকল সকলো উৎফুল্লিত হ’ল। সকলোৱে তাক অভিনন্দন জনাবলৈ ঘৰত ভিৰ কৰিলেহি । সেই ভিৰৰ মাজত এখন মুখ তাৰ চকুৰ আগত ভাহি থাকিল । বুকুৰ ভিতৰত সকলো পাইয়ো কিবা এটাৰ অভাৱ অনুভৱ কৰিলে । কিবা এটা ভাৱে কোনোবা খিনিত বাৰে বাৰে খুন্দিয়ালে , “ মা থকা হ’লে আজি পৃথিৱীৰ আটাইতকৈ সুখী মানুহজনী তেৱেঁই হ’ল হেঁতেন”। নজনাকৈয়ে দুইধাৰে চকুৰ পানী বৈ আহিল ।সন্মুখত উপস্থিত থকা সকলোৱে তাৰ চকুৰ পানীৰ অৰ্থ বুজি পালে । তেওঁলোকৰো সুখৰ মাজতে দুখৰ আঁচোৰ এটাই চকু সেমেকালে ।  


       হাতত মস্ত মিঠাইৰ টোপোলা এটা লৈ নয়ন হুৰহুৰাই সোমাই আহিল । 

:: ঐ… অংশু ঐ… ক’ত আছ তই । খুৰী অ’… খুৰী ক’ত আছা ! চাওঁ এইফালে আহা । আজি আমাৰ সকলোৰে বাবে স্ফূৰ্তিৰ দিন মিঠাই খাব লাগে, আনন্দ কৰিব লাগে । 

নয়নৰ তাল আফাল লগোৱা চিঞৰত সকলোৰে সেমেকা চকুবোৰ উজ্জ্বল হৈ উঠিল । মুখত হাঁহি বিৰিঙি উঠিল । অংশুক সাৱটি ধৰি চুমাৰে ওপচাই দিলে । মিঠাইৰ টোপোলাটো খুলি এটা মিঠাই তাৰ মুখত গুজি দিলে । উপস্থিত সকলোকে নিজ হাতে মিঠাই বিলাই দিলে । সকলোকে ক’লে , “ ই আমাৰ পৰিয়ালৰ গৌৰৱ। পৰিয়ালৰ নাম যশ জিলিকাই তুলিলে । আপোনালোকে আশীৰ্বাদ কৰিব সি যাতে আৰু আগুৱাই যাব পাৰে”। 

বৰ দেউতাকৰ অপাৰ আনন্দ দেখি অংশুৰ বৰ ভাল লাগিল । ইফালে পেহী্যেকৰ ফোনৰ উপৰি ফোন । কি কৰিছ ? কেনেকৈ আছ ? কি খাইছ ? কোন কোন আহিছে আদি প্ৰশ্নই তাক ব্যতিব্যস্ত কৰি পেলাইছে । তাৰ মাত্র এটাই উত্তৰ 

:: তুমি মোক সুধি থাকিব নালাগে , গুছি আহা , নিজে চাই যোৱাহি ।

:: যাম যাম মই দুই এদিনতে গৈ আছোঁ ।


        বি.এছ.চি ৰিজাল্টৰ পাছত সকলোৱে তাক এম.এছ.চি পঢ়াৰ কথা কৈছিল । সাহস দিছিল অৰ্থৰে সহায় কৰিম বুলিও কৈছিল । সিহে আৰু পঢ়াৰ কথা ভৱা নাই,  পাৰিলে এটা চৰকাৰী চাকৰি যোগাৰ কৰাৰ কথাহে ভাবিছে । এম.এছ.চি কৰাৰ পাছত বি.এড , শ্লেট , নেট , পি.এইছ.ডি , এম.ফিল আদি বহুত কথা আহি পৰিব। তাৰ পাছতহে চাকৰিৰ চিন্তা কৰিব পৰা হ’ব । বহুত সময় লাগিব । এতিয়া এই মুহূৰ্ত্তত তাক এটা চাকৰিৰ সোনকালেই প্ৰয়োজন । আইতাক , তাৰ আপোন ঘৰখন সকলোৰে কথা ভাবিব লাগিব । অকল দুবছৰ এম.এছ.চি কৰিলেই হোৱা হ’লে কথাটো বেলেগ আছিল । কিন্তু অকল এম.এছ.চি কৰিলেই নহ’ব সি চাৰি পাঁচ বছৰ বাহিৰতেই থাকিব লাগিব । বয়সীয়াল আইতাকক আনৰ হাতত এৰি দি সি তেনেকৈ থাকিব নোৱাৰে । সেয়ে সি এম.এছ.চি পঢ়াৰ কথা নাভাবিলে । পাৰিলে দুবছৰ বি.এডটোকে কৰিব আৰু চাকৰিৰ কথা চিন্তা কৰিব । তাক এম.এছ.চি পঢ়িবলৈ জোৰ দিয়া সকলোকে কথাটো বুজাই দিলে । সি এনেইও অতি দূৰদৰ্শী ল’ৰা কোনো কথাই থাউকতে ভাবি থৈ দিয়া ল’ৰা নহয় । তাক পঢ়াৰ বাবে জোৰ দিয়া সকলোৱে তাৰ দূৰদৰ্শী চিন্তাক সন্মান জনায় পঢ়াৰ কথা কোৱা সিমানতে সামৰিলে । অংশুৱে সকলোকে তাক চাকৰী এটা যোগাৰ কৰি দিবলৈ পাৰে যদি সহায় কৰি দিবলৈ অনুৰোধ জনালে ।

        (আগলৈ)

No comments