Breaking News

অনিমেষ ভূঞাৰ গৃহত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ প্ৰতিনিধি।

 



অজন্তা তালুকদাৰ, বোকাখাত, ৫ ডিচেম্বৰঃ মোৰ সন্তানৰ মৃত্যুত মোক যিদৰে দুখ দিছে ,নীৰজ দাসৰ  মাকেও একে দুখ পাইছে। এনেকুৱা দুখ যাতে   কোনো মাতৃয়ে পাব নেলাগে। দোষী সকলৰ হ'ব লাগে কঠোৰ শাস্তি বুলি কয় নীৰজ ওৰফে ক'লা ল'ৰাৰ গুণ্ডা বাহিনীৰ আক্ৰমনত নিহত হোৱা অনিমেষ ভূঞাৰ মাতৃয়ে। কালি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্তই দেৰগাঁৱৰ এক নং খকন্দগুৰি গাঁৱৰ মৃত অনিমেষ ভূঞাৰ গৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপনৰ লগতে এক শোক প্ৰস্তাবো প্ৰদান কৰে।ৰাজ্যিক সভাপতি গৰাকীয়ে প্ৰয়াত গৰাকীৰ পৰিয়ালৰ লোকক উপযুক্ত সংস্থাপন দিবলৈও চৰকাৰক আহ্বান জনায়। সাংবাদিক প্ৰতিনিধিৰ দলটোৱে যোৰহাট কাণ্ডত গুৰুতৰ ভাৱে আহত  সাংবাদিক মৃদুষ্মন্ত বৰুৱা আৰু প্ৰণয় দত্তৰ ঘৰলৈ গৈয়ো দেখা কৰে।

No comments