Breaking News

গোলাঘাট জিলাত হৰ ঘৰ দস্তক কাৰ্যসূচীৰ প্ৰতি ব্যাপক সঁহাৰি



পূৰ্বে প্ৰতিষেধক ল'বলৈ অমান্তি হোৱা ৫০৫৪ জন লোকৰ ভিতৰত ৪৯২৫ জন লোকে স্বেচ্ছাই ল'লে ক'ভিডৰ প্ৰতিষেধক 

এতিয়ালৈকে ১২লাখ পালিৰো অধিক প্ৰতিষেধক প্ৰদান



গোলাঘাট, ৫ ডিচেম্বৰঃ ক'ভিড প্ৰতিষেধক প্ৰদান ব্যৱস্থা সম্পূৰ্ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা "হৰ ঘৰ দস্তক" কাৰ্যসূচীৰ অধীনত গোলাঘাট জিলাত যোৱা ছটা দিনত ৫০,৪৮০ জন লোকক ক'ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হয় । ইয়াৰে ২২,৩৪৮জনক প্ৰথম পালি আৰু ২৮,১৩২জন লোকক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হয় । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি "হৰ ঘৰ দস্তক" কাৰ্যসূচীৰ অন্তিম দিনা জিলাখনত এই অভিযানৰ ফলাফল সন্দৰ্ভত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব তথা গোলাঘাট জিলাত এই অভিযানৰ পৰ্যবেক্ষক দেৱজ্যোতি দত্ত আৰু জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এখন সংবাদমেল সম্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে । দুয়োগৰাকী বিষয়াই প্ৰথমেই ক'ভিড প্ৰতিষেধক প্ৰদানৰ এই অভিযান সফল কৰাৰ ক্ষেত্ৰত চিকিৎসক, স্বাস্থ্যকর্মী, শিক্ষক আৰু ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকী লোকক ধন্যবাদ জ্ঞাপন কৰে । তেওঁলোকে লগতে সংবাদ মাধ্যমক প্ৰতিষেধকৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ বাবে বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে । দুয়োগৰাকী বিষয়াই কয় যে গোলাঘাট জিলাত ২৯ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈকে এই অভিযানকালত প্ৰতিষেধক ল'বলৈ অমান্তি হোৱা ভালেসংখ্যক লোকক ঘৰে ঘৰে গৈ চিকিৎসক, স্বাস্থ্যকর্মী, শিক্ষক আৰু চৰকাৰী বিষয়া-কৰ্মচাৰীৰ দলে দুৰ্গম অঞ্চল, শোচনীয় বাট-পথ আৰু বহু প্ৰতিকূল পৰিস্থিতিৰ মাজতো বুজাই-বঢ়াই প্ৰতিষেধক ল'বলৈ সৈমান কৰায় । জিলাখনত প্ৰতিষেধক ল'বলৈ অমান্তি হোৱা ৫০৫৪ জন লোকৰ ভিতৰত ৪৯২৫ জন লোকক এই সময়ছোৱাত প্ৰতিষেধক প্ৰদান কৰা হয় । অৱশ্যে কালিলৈকে তথ্য অনুসৰি ১২৯ জন লোকে এতিয়াও প্ৰতিষেধক ল'বলৈ মান্তি হোৱা নাই । বোকাখাত স্বাস্থ্য খণ্ডৰ অধীনত প্ৰতিষেধক ল'বলৈ অমান্তি হোৱা ৭৮৯জন লোকৰ ভিতৰত ৭৭৪জনে, সৰুপথাৰত ৬৫৭জনৰ ভিতৰত ৬৩৯জনে, কমাৰবন্ধা আলিত ১৩৯০জনৰ ভিতৰত ১৩৫৬জনে, চাৰিঙিয়া খণ্ডত ৮৬০জনৰ ভিতৰত ৮৪৪জনে, মিছামৰাত ৫৬০জনৰ ভিতৰত ৫৪৬জনে, মৰঙি স্বাস্থ্য খণ্ডত ৬৮৬জনৰ ভিতৰত ৬৬৬জনে আৰু গোলাঘাট নগৰত প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অমান্তি হোৱা ১১২জন লোকৰ ভিতৰত ১০০জন লোকে এই ছটা দিনত প্ৰতিষেধক গ্ৰহণ কৰে । তেওঁলোকে কয় যে গোলাঘাট জিলাত কালিৰ দিনটোলৈকে প্ৰথম পালি প্ৰতিষেধক ১০১.৪৮ শতাংশ লোকক দিয়া হৈছে আৰু ৬৩.৩৭ শতাংশ লোকক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । জিলাখনত কালিৰ দিনটোলৈকে ১২,৪০,৮৬০পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ৭,৬৩,৬৬৪টা প্ৰথম পালি আৰু ৪,৭৭,১৯৬ টা দ্বিতীয় পালি প্ৰতিষেধক । বিষয়া দুগৰাকীয়ে লগতে কয় যে এই অভিযানৰ সময়ত কৰ্তব্য সমাপন কৰি উভতি অহাৰ পথত দুগৰাকী আশা কৰ্মী দুর্ঘটনাত পতিত হয় যদিও বৰ্তমান তেওঁলোক বিপদমুক্ত ।  

No comments