Breaking News

গোলাঘাটত সমাজ কল্যাণ বিভাগৰ সজাগতা ৰেলী।।


ডিজিটেল সংবাদ,গোলাঘাটঃ মহিলাৰ বিৰুদ্ধে হোৱা হিংসা প্ৰতিৰোধ আৰু সমাধানৰ বাবে সজাগতাৰ সৃষ্টিৰে গোলাঘাটত সমাজ কল্যাণ বিভাগৰ সজাগতা ৰেলী। মহিলাৰ বিৰুদ্ধে হিংসাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে ২০৩০ চনৰ ভিতৰত ঐক্যবদ্ধ হোৱাৰ আহ্বানেৰে ৰাষ্ট্রসংঘৰ সচিব প্ৰধানে আৰম্ভ কৰা অভিযানৰ অংশৰূপে অসম চৰকাৰৰ সমাজ কল্যান সঞ্চালকালয়ে ১৬ দিনীয়া এটা কাৰ্যসূচী গ্ৰহণ কৰিছে । 


ইয়াৰ সৈতে সংগতি ৰাখি গোলাঘাট জিলা সমাজ কল্যান বিভাগেও মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে সকলো ধৰণৰ লিংগ বৈষম্য আৰু হিংসা নোহোৱা কৰাৰ লক্ষ্যৰে আজি পুৱাই জেনেৰেল ফিল্ডৰ পৰা এটা সজাগতা ৰেলী বাহিৰ কৰা হয়।গোলাঘাট জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই ফ্লেগ অফ কৰা এই ৰেলীত স্বাস্থ্য বিভাগ, আৰক্ষীকে ধৰি শতাধিক মহিলাই অংশগ্রহণ কৰে।

No comments