Breaking News

গোলাঘাটত মহিলাৰ বিৰুদ্ধে হিংসাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে সজাগতা সৃষ্টিৰ বাবে ৰেলী, কৰ্মশালা সম্পন্ন


ডিজিটেল সংবাদ, গোলাঘাটঃ মহিলাৰ বিৰুদ্ধে হিংসাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে ২০৩০ চনৰ ভিতৰত ঐক্যবদ্ধ হোৱাৰ আহ্বানেৰে ৰাষ্ট্রসংঘৰ সচিব প্ৰধানে আৰম্ভ কৰা অভিযানৰ অংশৰূপে অসম চৰকাৰৰ সমাজ কল্যান সঞ্চালকালয়ে ১৬ দিনীয়া এটা কাৰ্যসূচী গ্ৰহণ কৰিছে । ইয়াৰ সৈতে সংগতি ৰাখি গোলাঘাট জিলা সমাজ কল্যান বিভাগৰ উদ্যোগতো মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে সকলো ধৰণৰ লিংগ বৈষম্য আৰু হিংসা নোহোৱা কৰাৰ লক্ষ্যৰে আজি পুৱা গোলাঘাট নগৰৰ জেনেৰেল ফিল্ডৰ পৰা এটা সজাগতা ৰেলী উলিওৱা হয় । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এই ৰেলী পতাকা জোকাৰি শুভাৰম্ভ কৰে । 


তেওঁ ঘৰুৱা হিংসা আৰু কৰ্মক্ষেত্ৰত মহিলাৰ বিৰুদ্ধে যৌন আতিশয্যৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত সকলোকে সজাগ হ'বলৈ আহ্বান জনায় । এনে ঘটনা দৃষ্টিগোচৰ হ'লে কোনো কাৰণতে গোপনে নাৰাখি আইনৰ সহায় ল'বলৈ তেওঁ আহ্বান জনায় । ৰেলীত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যান বিষয়া গৌৰীপ্ৰিয়া দেউৰী, সহকাৰী আয়ুক্ত পাপু গগৈ আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়া, আৰক্ষী, অংগনৱাড়ী কৰ্মী, ব্লক পৰ্যায়ৰ মহিলা কৰ্মী, জীৱিকা সখী, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, বিভিন্ন বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি আদিয়ে অংশগ্ৰহণ কৰে । 


ইয়াৰ সৈতে সংগতি ৰাখি জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা সমাজ কল্যান বিভাগৰ উদ্যোগত আৰু জিলা পৰ্যায়ৰ মহিলা কেন্দ্ৰ, মহিলা শক্তি কেন্দ্ৰৰ সহযোগত মহিলাৰ বিৰুদ্ধে হোৱা হিংসা প্ৰতিৰোধ আৰু ইয়াৰ সমাধানৰ দিশত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখনি কৰ্মশালা অনুষ্ঠিত হয় । জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অতিৰিক্ত উপায়ুক্ত চুলতানা আখতাৰা আহমেদ, জিলা প্ৰশাসনৰ বিষয়ববীয়া, শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল, চিকিৎসক, সমাজ কল্যান বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী, আৰক্ষী, অংগনৱাড়ী কৰ্মী, ব্লক পৰ্যায়ৰ মহিলা কৰ্মী, জীৱিকা সখী, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, বিভিন্ন বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি আদিয়ে অংশগ্ৰহণ কৰে । কৰ্মশালাত জুপি শইকীয়া, মঞ্জুলিকা গগৈ আৰু সুজাতা সন্দিকৈয়ে ঘৰুৱা হিংসা আৰু কৰ্মক্ষেত্ৰত মহিলাৰ বিৰুদ্ধে যৌন আতিশয্য সন্দৰ্ভত পাৱাৰপইণ্ট প্ৰেজেন্টেছনৰ সহায়ত বৰ্ণনা কৰে । 


অনুষ্ঠানত আৰক্ষী বিষয়া তৃপ্তি গগৈ আৰু সমাজকৰ্মী অনুৰেখা বকলিৱালেও ভাষণ দিয়ে । জিলা সমাজ কল্যান বিষয়া গৌৰীপ্ৰিয়া দেউৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত শ্ৰদ্ধাৰ গৃহৰ মনালিছা বৰাই গীত পৰিৱেশন কৰে আৰু শুভ্ৰজ্যোতি বৰাৰ পৰিচালনাত 'সপোনৰ ৰং বিচাৰি' শীৰ্ষক এখন নাট পৰিৱেশন কৰা হয় । নৰ্থ ইষ্ট নেটৱৰ্কৰ গ্ৰামীণ বিকাশ কেন্দ্ৰ, দৈগ্ৰোঙৰ শিল্পীসকলে নাটখনত অভিনয় কৰে । 

No comments