Breaking News

নলবাৰী জিলাৰ দুগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ কৰুণ জীৱন কাহিনী।


প্ৰাঞ্জল বেজবৰুৱা,নলবাৰীঃ নলবাৰী জিলাৰ দুগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ কৰুণ জীৱন কাহিনী।শিক্ষক দুগৰাকী হ'ল কৈলাশ চন্দ্ৰ হালৈ আৰু আন গৰাকী হ'ল পৱন আলী।এই দুয়োগৰাকী প্ৰধান শিক্ষকে ৩৫ বছৰে বিনা বেতনে ভেন্সাৰ স্কুলত শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিলে। প্ৰধান শিক্ষক কৈলাশ চন্দ্ৰ হালৈয়ে গান্ধীজী বালিকা এম ই স্কুল আৰু পৱন আলিয়ে আঞ্চলিক এম ই মাদ্ৰাছাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত আজি পশ্চিম নলবাৰী উচ্চ প্ৰাথমিক (টিউতৰ) সংস্থাই দুয়োগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক প্ৰভাত চন্দ্ৰ গোস্বামী এম ই স্কুল (কৈহাটী) ত বিদায়ী সম্বৰ্দ্ধনা জনায়। উক্ত অনুষ্ঠানত শিক্ষক দুয়োগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰে। লগতে কয় যে আমাক এই দুখ আঘাত দিয়া মূল মানুহ জনেই  হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সভাত সভাপতিত্ব কৰি শিক্ষক চান্দমিল হুছেইনে কয় যে এনেকুৱা বিনা বেতনে অৱসৰ গ্ৰহণ কৰা শিক্ষকক চৰকাৰে কিবা এটা ব্যবস্থা কৰি দিয়াৰ বাবেও আহ্বান জনায়। উক্ত অনুষ্ঠানত উপস্থিত থাকে সাংবাদিক মেৰাজুল হুছেইন কাজিৰ লগতে প্ৰায় ৪০ গৰাকী শিক্ষক। লগতে পৱন আলিয়ে অতি দুখেৰে কয় যে তেওঁৰ ৰোগীয়া মাতৃৰ বিয়োগৰ আগমূহৰ্তত এটা মেডিচিন আনি দিবলৈও সমৰ্থ নাছিল। সেয়েহে আজি বহু আবেগিক হৈ পৰে।

No comments