Breaking News

আকাশবাণী যোৰহাট কেন্দ্ৰত বিশ্ব ভূমি দিৱস উদযাপন


প্ৰাঞ্জল প্ৰতিম বৰা,পশ্চিম যোৰহাটঃ সমগ্র দেশৰ লগতে ৫ ডিচেম্বৰ তাৰিখে আকাশবাণী যোৰহাট কেন্দ্ৰটো বিশ্ব ভূমি দিৱস উদযাপন কৰা হয়।দেওবাৰে দিনৰ ১১ বজাৰ পৰা আয়োজিত অনুষ্ঠানটো এগছি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ উপ সঞ্চালক প্ৰধান ৰাম বচন ৰামে। ইয়াৰ পিছতে অনাতাঁৰ শিল্পী ৰশ্মিৰেখা বৰুৱা কাকতিয়ে পৰিবেশন কৰা এটি বৰগীতেৰে অনুষ্ঠানটোৰ কাৰ্যসূচীৰ পাতনি মেলা হয়। যোৰহাট আকাশবাণী কেন্দ্ৰৰ মুৰব্বী বিশ্বজিৎ দাসে আদৰণী ভাষণ আগবঢ়োৱা সভাখনত আকাশবাণীৰ উপ সঞ্চালক প্ৰধান ৰাম বচন ৰামে বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰি ভূমি দিৱসৰ তাৎপৰ্যৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই। আনহাতে এই সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ বিপুল ডেকাও বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি কৃষকৰ লগত ভূমিৰ যি সম্পৰ্ক সেই সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই। 

কৃষি বিজ্ঞানী গৰাকীৰ সৈতে চুঙীৰ ৰাজীৱ শইকীয়া,গোলাঘাটৰ নিৰঞ্জন পেগু,দেৱজিৎ কামান আৰু খনামুখৰ কৃষ্ণ মহন্ত এই চাৰিগৰাকী কৃষকে ভূমি সমন্ধীয় বিভিন্ন বিষয়ক লৈ মত-বিনিময় কৰে। এই অনুষ্ঠানৰ মাজতেই চাৰিও গৰাকী কৃষকক যোৰহাট অনাতাঁৰ কেন্দ্রৰ তৰফৰ পৰা একোখনকৈ গামোচাৰে আদৰণী জনোৱা হয়। আনহাতে ভূমি সুৰক্ষাৰ বাবে আমি কি কৰা উচিত এই দিশত এক বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্য আকাশবাণী যোৰহাটৰ প্ৰাংগণত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত যোৰহাট কাকজান বাল্য নিকেতনৰ ছাত্ৰ-ছাত্ৰীয়ে "প্ৰকৃতি আৰু আমি" শীৰ্ষক এখনি মুকলি নাটক প্ৰদৰ্শন কৰে। লগতে  সংগীত শিল্পী সঞ্জয় বৰাই তেওঁৰ সংগী সকলৰ সৈতে দিহানাম পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। 

উল্লেখযোগ্য যে দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি আকাশবাণীয়ে সমগ্ৰ দেশজুৰি আয়োজন কৰিছে প্ৰতিভা সন্ধানী অভিযান। এই উপলক্ষে ৫ ডিচেম্বৰ তাৰিখৰ পৰা যোৰহাট আকাশবাণীয়েও আৰম্ভ কৰিছে এই অভিযান। আকাশবাণীয়ে সদৰী কৰা মতে নিজৰ নিজৰ এলেকাৰ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন দিশৰ প্ৰতিভা অনুসন্ধান কৰি তাৰ ভিতৰত নিৰ্বাচিত কৰি প্ৰচাৰ ভাৰতীৰ জৰিয়তে পুৰস্কৃত কৰা হ'ব।আকাশবাণী যোৰহাটৰ অংশকালীন কৰ্মচাৰী পৰেশ চন্দ্ৰ বৰাই আঁতধৰা অনুষ্ঠানটোৰ শেষত শলাগ জ্ঞাপন কৰে কেন্দ্ৰৰ অভিযান্ত্ৰিক শাখাৰ কৰ্মচাৰী অতুল দত্তই।

No comments