Breaking News

দেৰগাঁৱৰ বাদুলিপাৰাৰ ৰাজপথত দাউ দাউকৈ জ্বলি উঠিল ডাম্পাৰ


অনিন্দ্য সুন্দৰ শৰ্মা ঠাকুৰঃ দেৰগাঁৱৰ সমীপৱৰ্তী বাদুলিপাৰাত অঘটন।নুমলীগড়ৰ পৰা যোৰহাট অভিমুখী বালি কঢ়িয়াই নিয়া এএছ০৩-চিচি-০৮৬৬ নম্বৰৰ এখন ডাম্পাৰ পথৰ ওপৰতেই জ্বলি উঠে। কাৰিকৰী বিজুতিৰ বাবেই এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

No comments