Breaking News

লেখক-লেখিকাৰ অন্তৰংগ আলাপ অনুষ্ঠান


ডিজিটেল সংবাদ,গুৱাহাটীঃ প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ উদ্যোগত তথা প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিক আৰু ঈশান দৰ্পণ ইংৰাজী সাপ্তাহিক বাতৰি কাকতৰ সহযোগত লেখক-লেখিকাৰ অন্তৰংগ আলাপ অনুষ্ঠান। গুৱাহাটীৰ বামুণী মৈদামস্থিত প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ উদ্যোগত তথা প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিক আৰু ইংৰাজী সাপ্তাহিক ঈশান দৰ্পণৰ সহযোগত মঙলবাৰে গুৱাহাটীৰ পানবজাৰস্থিত বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ সভাগৃহত লেখক-লেখিকাসকলৰ এখনি অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সভাৰ আৰম্ভণিতে মঙ্গলাচৰণে অনুষ্ঠানৰ আৰম্ভণি কৰে প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ সদস্য মনিপতি শৰ্মাই। ইয়াৰ পাছতে উক্ত অনুষ্ঠানৰ আঁত ধৰে পলবিকা মহন্ত চৌধুৰীয়ে।

সভাত বিশিষ্ট ব্যক্তি হিচাপে আসন গ্ৰহণ কৰে ট্ৰাষ্টৰ উপ-সভাপতি লক্ষী দত্ত, প্ৰকাশনৰ ইংৰাজী সাপ্তাহিক কাকত ঈশান দৰ্পণৰ মুখ্য সম্পাদক ৰমেন চক্ৰৱৰ্তী, প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিকৰ সম্পাদক শশীপ্ৰভা দাস, প্ৰকাশন ট্ৰাষ্টৰ সম্পাদক খগেন শইকীয়া, অৱসৰপ্ৰাপ্ত উপায়ক্ত পৰমেশ দত্তই। সভাখনি পৰিচালনা কৰে পৰমেশ দত্তই। ইয়াৰ পাছতে প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ ব্যক্তিসকলৰ পৰিচয় আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে তাপস কুমাৰ মিশ্ৰই। উপস্থিত বিশিষ্ট ব্যক্তি ড০ নিৰঞ্জন কলিতাই প্ৰাগজ্যোতিষ কাকতৰ সৈতে জড়িত সদৌটিকে সাদৰ সম্ভাষণ জ্ঞাপন কৰি প্ৰাগজ্যোতিষ কাকতৰ ইতিহাস, প্ৰাগজ্যোতিষ নামৰ ইতিহাসৰ সৈতে জড়িত সাৰগৰ্ভ কথাৰে সকলোকে আপ্লুত কৰে। অসমৰ পুৰণি নামৰ সৈতে জড়িত কাকতখনে অসমীয়া ভাষা-সাহিত্যৰ ওপৰত গুৰুত্ব দিয়াৰ উপৰিও সংবাদপত্ৰৰ ভূমিকা, কাকতখনে সৃজনশীল লেখনি, ধাৰাবাহিক ৰচনা, সামাজিক দৃষ্টিকোণ ইত্যাদি দিশবোৰ দায়িত্ব সহকাৰে কাকতখনে গুৰুত্ব আৰোপ কৰাৰ পৰামৰ্শ দিয়ে। 

ইয়াৰোপৰি বৰ্তমান সময়ত দীঘলীয়া লেখনি প্রকাশ কৰাৰ ক্ষেত্ৰত অসুবিধা হয় বা বহু পঢ়ুৱৈয়ে দীঘলীয়া লেখনি পঢ়িবলৈ অসুবিধা পায় বাবে তাৰ বাবে তেওঁ চুটি লেখনি লিখিবলৈ আহ্বান কৰে। ইয়াৰ পিছতে উপস্থিত লেখক-লেখিকা সকলক প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ ফালৰ পৰা একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে লেখক-লেখিকা সকলে নিজৰ মনৰ ভাব ব্যক্ত কৰে। সভাত ঘনশ্যাম শইকীয়াৰ ৭খন গ্ৰন্থ উন্মোচন কৰা হয়। প্ৰাগজ্যোতিষৰ জেষ্ঠ উপ সম্পাদক ঈশ্বৰ মহন্তই লেখক লেখিকা সকলক উদ্দেশ্যি লেখা সন্দৰ্ভত কিছু দিশ আঙুলিয়াই দিয়ে। তাৰ পাছতে মহন্তই সভাপতি প্ৰমুখ্যে মঞ্চত উপবিষ্ট সকলৰ উপৰি আলাপ অনুষ্ঠানত উপস্থিত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়াই " বন্দে মাতৰম ' গাই আলাপ অনুষ্ঠানৰ সামৰণি মৰা হয়।

No comments