Breaking News

বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৫ম দ্বি-বাৰ্ষিক অধিৱেশন


ৰাজীৱ বৰ্মন,বিজনীঃবিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৫ম দ্বি-বাৰ্ষিক অধিৱেশন শনিবাৰে চিৰাঙৰ বিজনীৰ বল্লামগুৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হ'য়। সন্মিলনীৰ সভাপতি ধনঞ্জয় ৰায়ে পতাকা উত্তোলনেৰে অধিৱেশনৰ শুভাৰম্ভ কৰে। শ্বহীদ তৰ্পণ কৰে কাৰ্যকৰী সভাপতি ভবেন চন্দ্ৰ বৰ্মনে। ইয়াৰ পাছতেই গছপুলি ৰোপণ কাৰ্যসূচী মুকলি কৰে  সন্মিলনীৰ ভাৰপ্ৰাপ্ত সম্পাদক গৌতম দত্তই। বল্লামগুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অম্বিকা নাৰ্জাৰীয়ে প্ৰতিনিধি শিবিৰ মুকলি কৰে। 

ইয়াৰ পাছতেই  বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে  শৈক্ষিক সভা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ শুভ উদ্বোধন কৰে।ইফালে,বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যকৰী সভাপতি ভবেন চন্দ্ৰ বৰ্মনে সংবাদ মাধ্যমৰ আগত কয় যে, আজিলৈকে প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিভিন্ন  দাবী তথা সমস্যাসমূহ চৰকাৰে সমাধান নকৰিলে । সেইবাবে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত অহা ৭,৮ আৰু ৯ জানুৱাৰীত বঙাইগাঁওত অনুষ্ঠিত হ'ব লগা অধিৱেশনত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব।

No comments