Breaking News

সুৰাদী হাইস্কুলত প্ৰথম অসম বিশেষ সংৰক্ষিত বাহিনী (ASRF) বৰজাৰ নলবাৰী উদ্যোগত শ্ৰমদান কাৰ্যসূচী


প্ৰাঞ্জল বেজবৰুৱা,নলবাৰীঃ ৫৯ সংখ্যক  নিখিল ভাৰত অসামৰিক প্ৰতিৰক্ষা ও গৃহৰক্ষী দিৱসৰ আগ মুহূৰ্তত আজি নলবাৰী জিলাৰ বৰজাৰস্হিত প্ৰথম অসম বিশেষ সংৰক্ষিত বাহিনীৰ উদ্যোগত সুৰাদী হাই স্কুলৰ প্ৰাংগনত চাফাই অভিযান তথা শ্ৰমদান কাৰ্যসুচী ৰূপায়ন কৰে।অহা ৬ ডিচেম্বৰত পালন কৰিব ৫৯ সংখ্যক নিখিল ভাৰত অসামৰিক প্ৰতিৰক্ষা ও গৃহৰক্ষী দিৱস। সেই উদ্দেশ্য আগত ৰাখি আজি বাহিনীটোৱে বিভিন্ন কাৰ্যসূচী হাতত লয়।

আজি প্ৰথম দিনটোত সুৰাদী হাই স্কুলৰ পৰা আৰম্ভ কৰে শ্ৰমদান কাৰ্যসূচীৰে।ৰাতিপুৱা ৮ বজাৰ পৰা ১০ বজালৈ সুৰাদী হাই স্কুল প্ৰাংগন স্বচ্ছ কৰাৰ প্ৰচেষ্টাৰে শ্ৰমদান কাৰ্যসূচী কাইলৈ ছাত্ৰ ছাত্ৰীৰ মাজত ৰচনা কুইজ প্ৰতিযোগীতা আৰু ৬ ডিচেম্বৰ দিনা দিৱসৰ লগত সংগতি ৰাখি কাৰ্যসূচী শেষ কৰিব।আজি উক্ত অনুষ্ঠানটোত  উপস্থিত থাকে (ASRF)  বাহিনীৰ R.I ৰবি শংকৰ ডেকা S.M  হাজিন ৰাভা QM.I  প্ৰমোড ডেকা,গাণনিক বিষয়া গণেশ ডেকাকে আদি কৰি বাহিনীটোৰ বিষয়বৱীয়াকে ধৰি জোৱান সকল।

উক্ত অনুষ্ঠানত সুৰাদী হাই স্কুলৰ অধীক্ষকে ধৰি শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী সকলৰ লগতে পূৱ নাম্বৰভাগ আঞ্চলিক গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ বিষয়বৱীয়া সকলে সহায় সহযোগ কৰাৰ লগতে বাহিনীটোৰ বিষয়বৱীয়া সকলক সম্বৰ্ধনা জনায়।

No comments