Breaking News

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইক'ছেঞ্চিটিভ জ'নত অবৈধ বেহা


ৰবীন মৰাণ, পেঙেৰীঃ অসমৰ অন্যতম জৈৱ-বৈচিত্ৰ্যপূৰ্ণ ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-ছৈখোৱাৰ ইক'ছেঞ্চিটিভ জ'নত দীৰ্ঘদিনৰ পৰা অব্যাহত থকা অবৈধ ব্যৱসায় সন্দৰ্ভত তিনিচুকীয়াৰ উপায়ুক্তক তদন্তৰ নিৰ্দেশ দিছে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই। উল্লেখ্য যে বাঘজান নিৱাসী মনোজ হাজৰিকাই তিনিচুকীয়াৰ গুইজান ঘাটৰ ডিব্ৰু সুঁ‌তিৰ সিপাৰে থকা এৰাসুঁ‌তিত অবৈধভাৱে অব্যাহত ৰখা 'স্কাই লেণ্ড ৰিছ'ৰ্ট' নামৰ প্ৰমোদনমূলক ব্যৱসায় প্ৰতিষ্ঠানটো উচ্ছেদ কৰিবলৈ মন্ত্ৰী অতুল বৰাৰ লগতে তিনিচুকীয়াৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছিল। 

স্মাৰক পত্ৰত কোৱা হৈছে যে, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইক'ছেঞ্চিটিভ জ'নত নীতি বহিৰ্ভূতভাৱে জনসাধাৰণৰ উপভোগৰ বাবে খাদ্য সম্ভাৰৰ ব্যৱস্থা, নৈশ যাপন, পাৰাছেইলিং, ছেগ-ৱে, বন-ফায়াৰ, হৰ্ছ ৰাইডিং, গান ছুট, জীপ ৰাইডিং, বুট ৰাইডিং (দুমহলীয়া 'ওম বুট হাউচ') আদিৰে ব্যৱসায়ীক কাৰ্যকলাপ অব্যাহত ৰাখিছে। যিসময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজত থকা লাইকা, দধীয়াৰ দৰে গাঁওসমূহ উঠাই দিয়াৰ ব্যৱস্থা কৰিছে তেনে সময়তে ৰাষ্ট্ৰীয় উদ্যানখনৰ ইক'ছেঞ্চিটিভ জ'নত জেনেৰেটৰ, অনুভাষ যন্ত্ৰ আদিৰে শব্দ প্ৰদূষণৰ সৃষ্টি কৰি, প্লাষ্টিকৰ দৰে ক্ষতিকাৰক পেলনীয়া সমগ্ৰী, মাদক দ্ৰব্যৰ বটল, টেমা, শৌচ-প্ৰস্ৰাৱ আদিৰে বায়ু তথা জলপ্ৰদূষণৰ সৃষ্টি কৰি 'ৱাইল্ড লাইফ এক্ট' উলংঘনেৰে সকলো প্ৰকাৰৰ পৰিৱেশ বিষাক্ত কৰি তুলিছে। 

অভিযোগ মতে এই ব্যৱসায়ৰ নেপথ্যত পুঁ‌জিপতি ব্যৱসায়ীৰ উপৰি সঞ্জয় দাস, প্ৰসন্ন দাসৰ দৰে বিতৰ্কিত ব্যক্তি জড়িত আছে। মন্ত্ৰীগৰাকীয়ে স্কাই লেণ্ড ৰিছ'ৰ্ট উচ্ছেদৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰা মনোজ হাজৰিকাৰ উদ্ধৃতি দি সকলো নীতি-নিয়ম ধুঁ‌ৱা চাঙত তুলি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইক'ছেঞ্চিটিভ জ'নত কেনেকৈ অবৈধভাৱে ব্যৱসায়িক কাৰ্যক্ৰমণিকা অব্যাহত আছে বুলি প্ৰশ্ন তুলি ৰাষ্ট্ৰীয় উদ্যানখনৰ 'গ্ৰীণ জ'ন'ৰ স্বাৰ্থত বিষয়টো পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে। (পত্ৰ নং জি এম ডিব্ৰুগড়-তিনিচুকীয়া/ ২০২১/ ৫৬, তাং ২৯ নৱেম্বৰ, ২১)। উল্লেখ্য যে দীৰ্ঘ দিনৰ পৰা অব্যাহত থকা উক্ত অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে এই প্ৰতিবেদকৰ দ্বাৰা প্ৰকাশিত একাধিক বিস্তাৰিত প্ৰতিবেদনৰ  পাছত স্কাই লেণ্ড নামৰ ৰিছ'ৰ্টখন বন্ধ ৰখা হৈছিল যদিও দুই-তিনিমাহৰ পৰা পুনৰ দুগুণ উৎসাহেৰে অবৈধ ব্যৱসায় অব্যাহত ৰাখিছে। 

No comments