Breaking News

মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত বন ধংস যজ্ঞ অব্যাহত


পঙ্কজ নাথ,চাংসাৰিঃ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজ সমষ্টি জালুকবাৰীতে চলিছে পাহাৰৰ ৰঙামাটিৰ খনন ও পৰিবহন কৰি বৃহৎ দুৰ্নীতিৰে অবাধ বন ধংস যজ্ঞ। কামৰূপ জিলাৰ চিলা আৰু হাজো বন বিভাগৰ অন্তৰ্গত মলঙ, কাটামুৰ পছৰিয়া আদি অঞ্চলৰ পাহাৰত চলিছে এই অবাধ বন ধংস যজ্ঞ। বন ধংস যজ্ঞৰে প্ৰাকৃতিক সৌন্দৰ্য্য বিনষ্ট কৰি এচাম বন মাফিয়াই চলাইছে ৰমৰমীয়া ব্যৱসায়। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ অন্তৰ্গত এই অঞ্চলসমূহ হৈছে বিভিন্ন প্ৰাকৃতিক সম্পদৰে চহকী । 


বিভিন্ন সমলৰে ভৰপূৰ এই অঞ্চলবোৰত আছে বুৰঞ্জী প্ৰসিদ্ধ কেইবাখনো ঐতিহাসিক পাহাৰ । সময় আৰু দিন বাগৰাৰ লগে লগে অঞ্চলটোত থকা বুৰঞ্জী প্ৰসিদ্ধ এই  পাহাৰ সমূহো এতিয়া নাইকিয়া হোৱাৰ উপক্ৰম ঘটিছে । কিয়নো বছৰ বছৰ ধৰি একাংশ বন মাফিয়াই অঞ্চলটোত থকা ঐতিহাসিক পাহাৰ সমূহৰ ৰঙা মাটি কাটি চলাই গৈছে ৰমৰমীয়া ব্যৱসায় । খৰালি অহাৰ লগে লগে সক্ৰিয় হৈ উঠে অবৈধ ভাৱে খনন কৰা ভূ-মাফিয়াবোৰ ৷ এই অঞ্চল সমূহত অবৈধ ভাৱে দিনে নিশাই মাটি খনন কৰাৰৰ ফলত অঞ্চলটোত প্ৰদূষণ বৃদ্ধি পোৱাৰ লগতে পৰিৱেশ পাৰিপাৰ্শ্বিকতালৈ ভাবুকি কঢ়িয়াই আনিছে বুলি অভিযোগ তুলিছে অঞ্চলটোৰ সচেতন ৰাইজে। 


ৰাইজৰ অভিযোগ সকলো দেখি শুনিও নিৰব কামৰূপ জিলা প্ৰশাসন কিম্বা উত্তৰ কামৰূপ বন সংমণ্ডল। আনকি হাজো বন বিষয়া আৰু চিলা বনাঞ্চলিক বিষয়া সঞ্জীৱ বৰদলৈ, চিলা খণ্ড বন বিষয়া সঞ্জীৱ বৰ্মনো অজ্ঞাত কাৰণত অঞ্চলটোত চলি থকা বনধ্বংস দেখি শুনিও আছে চকু মুদা কুলিৰ ভাৱত। সংবাদ মাধ্যমে বনবিভাগৰ এই দুৰ্নীতি উদঙাই দিলেও ৰহস্যজনক কাৰণত কামৰূপ প্ৰশাসন কিম্বা বন বিভাগে নলয় কোনো উচিত ব্যৱস্থা । যাৰবাবে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিজ সমষ্টিত চলি থকা বনধ্বংস আদিৰ মাজেৰে চলি থকা অবাধ দুৰ্নীতি ৰোধ কৰি শূণ্য সহনশীলতাৰ নজীৰ সৃষ্টি কৰিবলৈ আহ্বান জনাইছে অঞ্চলটোৰ সচেতন ৰাইজৰ লগতে প্ৰকৃতি প্ৰেমীয়ে। 

No comments