Breaking News

‘বোৱতী নদীৰ দৰে জীৱনৰ যাত্ৰা’ আৰু ‘ভিন্ন চিন্তাৰ সমাহাৰ’ উন্মোচন



ডিজিটেল সংবাদ, কমাৰবন্ধাঃ  গোলাঘাটৰ কমাৰন্ধাৰ অঞ্চলৰ নিত্যানন্দ হিলৈদাৰীৰ বাসগৃহত বিগত ১৫ জানুৱাৰী শণিবাৰে এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ হয়। গোলাঘাট জিলা লেখিকা পৰিষদৰ সভানেত্ৰী ডালিমী শইকীয়া বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখন উদ্বোধন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী স্বৰ্ণ গগৈ বৰুৱায়। খগেন বৰাৰ স্বৰচিত সমবেত সংগীতেৰে সভাখনি আৰম্ভণি কৰা সভাখনিত স্থানীয় লেখক, সাহিত্যানুৰাগীৰ সকলৰ উপৰিও বোকাখাত, গোলাঘাট, ফৰকাটিং আৰু তিতাবৰৰ কেইবাগৰাকীও বিশিষ্ট লেখিকা উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। 



উক্ত সভাত জয়ন্তী হিলৈদাৰীৰ ৰচিত দুখন গ্ৰন্থ ‘বোৱতী নদীৰ দৰে জীৱনৰ যাত্ৰা’ আৰু  ‘ভিন্ন চিন্তাৰ সমাহাৰ’ উন্মোচন কৰা হয়।  ‘বোৱতী নদীৰ দৰে জীৱনৰ যাত্ৰা’ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈয়ে আৰু অন্য খন গ্ৰন্থ ‘ভিন্ন চিন্তাৰ সমাহাৰ’ উন্মোচন কৰে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা লণি ফুকনে। ইয়াৰ উপৰি  উক্ত সভাতে স্থানীয় লেখিকা ৰেণু বৰা হাজৰিকাৰ এখনি গ্ৰন্থ উন্মোচন কৰে  বিএইড কলেজৰ প্ৰাক্তন অধ্যক্ষা অনু খণিকৰে। সভাত বক্তব্য আগবঢ়ায় শিক্ষাবিদ লেখক সুৰেণ বৰা আৰু কেইবাগৰাকীও বক্তাই।

No comments