Breaking News

ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বাৰ্ষিক সমাৰোহ সম্পন্ন


 

গোলাঘাট : গোলাঘাটৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বাৰ্ষিক সমাৰোহ অলপতে অনুষ্ঠিত হৈ যায়। বাৰ্ষিক সমাৰোহৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত কৰা হয় য'ত ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰেক্টৰ ড০ তোলেন্দ্ৰ নাথ হাজৰিকাই সভাপতিত্ব কৰে। উক্ত সভাত অধ্যক্ষা প্ৰিয়ংকা শইকীয়া দাস,  উপাধ্যক্ষ লক্ষ্যজিৎ দুৱৰা আৰু জ্যেষ্ঠ অধ্যাপক টংকেশ্বৰ পাঠকক মঞ্চত আসন গ্ৰহণ কৰোৱা হয়। সম্পূৰ্ণ ক'ভিড নীতি নিৰ্দেশনাৰ মাজেৰে অনুষ্টুপীয়াকৈ আয়োজন কৰা বাৰ্ষিক সমাৰোহৰ কাৰ্যসূচীৰ আৰম্ভণিতে শিক্ষানুষ্ঠান খনৰ প্ৰতিষ্ঠাপক পৰিচালন সঞ্চালক ৰূপক কুমাৰ গগৈ,  প্ৰাক্তন মন্ত্ৰী জীৱকান্ত গগৈ আৰু কৰ্মচাৰী দীপক ৰয়ৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।  সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষা প্ৰিয়ংকা শইকীয়া দাসে। ইয়াৰ পিছতে বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ পুৰস্কাৰসমূহ প্ৰদান কৰা হয়। বাণিজ্য বিভাগৰ প্ৰৱক্তা অমিত নাগৰীয়ে সঞ্চালনা কৰা পুৰস্কাৰ প্ৰদান অনুষ্ঠানত  চলিত বৰ্ষৰ মিষ্টাৰ ৰিলায়েন্স সন্মান লাভ কৰা জুনেইদ আখটাৰ আৰু মিছ ৰিলায়েন্স সন্মান লাভ কৰা বৃষ্টি বৰা উপস্থিত থাকে। পৰৱৰ্তী কাৰ্যসূচীত আগন্তুক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগীয়া ছাত্ৰ ছাত্ৰী সকলক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয় আৰু শিক্ষানুষ্ঠান খনৰ কলা,  বাণিজ্য আৰু বিজ্ঞান শাখাত একাদশ শ্ৰেণীত নামভৰ্তি কৰা নৱাগত শিক্ষাৰ্থীসকলক আনুষ্ঠানিক ভাৱে আদৰণি জনোৱা হয়। কাৰ্যসূচীৰ শেষৰ ফালে শ্বেহনাজ য়াছমিনৰ সঞ্চালনাত এক সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয় য'ত ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলেও অংশগ্ৰহণ কৰে। সমূহ কাৰ্যসূচীত ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এছ এন ডেকা , ছাত্ৰ ছাত্ৰী,  শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীবৃন্দ উপস্থিত থাকে । 

No comments