Breaking News

বোকাখাতত ৰটাৰী ক্লাৱৰ ১১৭ তম্ প্ৰতিষ্ঠা দিৱস উদযাপন

 


অজন্তা তালুকদাৰ,বোকাখাত: আন্তৰ্জাতিক স্বেচ্ছাসেৱী সংস্থা ৰটাৰী ক্লাৱৰ ১১৭ তম প্ৰতিষ্ঠা দিৱস গোলাঘাট ৰটাৰী ক্লাৱে যোৱা ২৩ ফেব্ৰুৱাৰীত বোকাখাতত উদযাপন কৰে। বোকাখাতৰ ডিফলু পথত থকা বোকাখাত নিৰ্মাণ গোটৰ মুখ্য কাৰ্যালয়ৰ শিশু গৃহত গোলাঘাট ৰটাৰী ক্লাৱৰ সদস্য সকলে শিশু গৃহৰ শিশু সকলৰ সৈতে গীত মাতেৰে উদযাপন কৰে। বোকাখাত নিৰ্মাণ গোটৰ কাৰ্যালয় সম্পাদক মনোজ পেগুয়ে আঁত ধৰা অনুষ্ঠানত আনুষ্ঠানিক সভাপতিত্ব কৰে ৰটাৰী ক্লাৱৰ গোলাঘাট জিলাৰ সভাপতি ইন্দিৰা গগৈয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক অমৃত কুমাৰ হাজৰিকাই। সভাতে ৰটাৰী ক্লাৱৰ উদ্দেশ্য আৰু ইতিবৃত্ত দাঙি ধৰে গোলাঘাট ৰটাৰী ক্লাৱৰ প্ৰাক্তন সভাপতি পূৰ্ণানন্দ বৰুৱাই। 

বোকাখাতৰ শিশু গৃহৰ শিশু সকলে তিনিটাকৈ প্ৰাৰ্থনা পৰিৱেশ কৰাৰ প্ৰাক মুহূৰ্তত সমবেত সকলোৱে ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে। ৰটাৰী ক্লাৱৰ জন্মদিনৰ কেক কাটি উদযাপন কৰা অনুষ্ঠানত শিশু গৃহৰ শিশু সকলক একোটাকৈ উপহাৰ, খাদ্য সামগ্ৰী আৰু শিশু গৃহলৈ এটি ইনভাৰ্টাৰ প্ৰদান কৰে। সভাত শিশু সুৰক্ষা সমিতিৰ গোলাঘাট জিলাৰ সভাপতি লুকুমণি গোস্বামী, বোকাখাত শিশু গৃহৰ অধীক্ষক বৰ্ণিতা শইকীয়া, বিশিষ্ট কবি-নাট্যকাৰ- সাংবাদিক অমৰ শৰ্মা, বিজয় ফুকন,  নিৰ্মাণ গোটৰ সম্পাদক ফনীধৰ গগৈ, বোকাখাতৰ স্থানীয় সংবাদ কৰ্মী সকল সভাত  উপস্থিত থাকে।

No comments