Breaking News

দীৰ্ঘেশ্বৰীৰ বিট অফিচাৰ চহিদুলৰ ছত্ৰছায়াত মান্দাকাটা, সাতগাও পাহাৰৰ ৰঙামাটিৰ লগতে ব্ৰহ্মপুত্ৰৰ বালিমাটিৰ অবৈধ খনন ও সৰবৰাহৰ অভিযোগ

 দীৰ্ঘেশ্বৰীৰ বিট অফিচাৰ চহিদুলৰ ছত্ৰছায়াত মান্দাকাটা, সাতগাও পাহাৰৰ ৰঙামাটিৰ লগতে ব্ৰহ্মপুত্ৰৰ বালিমাটিৰ অবৈধ খনন ও সৰবৰাহৰ অভিযোগ । উপায়ুক্ত কৈলাশ কাৰ্তিক এন আৰু পিচিচিএফ অমিত সাহাইক তদন্তৰ জৰিয়তে বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান   সচেতন ৰাইজৰ। 



পঙ্কজ নাথ, চাংসাৰিঃ উত্তৰ কামৰূপ বন সংমণ্ডলৰ চিলা বনাঞ্চলৰ কেইবাখনো পাহাৰে নিজৰ চিৰসেউজ বৰণৰ পৰিৱৰ্তে এচাম বন মাফিয়াৰ তাণ্ডৱৰ ফলত ৰঙচুৱা পৰিচিতি লাভ কৰি নি:চিহ্ন হোৱাৰ দিশে আগবাঢ়িছে ৷ ইয়াৰ পিছতো উত্তৰ কামৰূপ বন সংমণ্ডল বিষয়া চানীদেউ চৌধুৰীৰ লগতে সংশ্লিষ্ট বিষয়া কৰ্মচাৰী সকল নিজৰ দায়বদ্ধতাকলৈ সজাগ হোৱা পৰিলক্ষিত হোৱা নাই । বন মাফিয়াৰ ভয়াৱহ আগ্ৰাসন আৰু বন বিভাগৰ দুৰ্ভাগ্যজনক ভূমিকাৰ বাবে গছ-গছনি আৰু জীৱ-জন্তুৰ লগতে পশু-পক্ষীহীন হৈ  ইয়াৰ প্ৰায়বোৰ পাহাৰে নিজৰ চৰিত্ৰ হেৰুৱাই পেলাইছে । ফলত জৈৱ-বৈচিত্ৰতো পৰি আহিছে মোক্ষম আঘাত। কবলৈ জোৰ পুৰি হাত পোৱাৰ পিছতো উত্তৰ কামৰূপ বন বিভাগে চকু মুদা কুলিৰ ভাঁওত থকা বাবে পাহাৰৰ ৰঙামাটি খনন আৰু সৰৱৰাহত লিপ্ত বন মাফিয়াবোৰৰ আগ্ৰাসনৰ মাত্ৰা নিতৌ বহুগুণে বৃদ্ধি হোৱাত অৱশিষ্ট পাহাৰবোৰৰো অৱস্থাও একে হোৱাৰ দিশে অগ্ৰসৰ হৈছে । অভিযোগ অনুসৰি উত্তৰ কামৰূপ বন-সংমণ্ডলৰ চিলা ৰেঞ্জৰ মান্দাকাটা এলেকাৰ পাহাৰ সমূহ অবাধে পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি উচ্চ প্ৰাবল্যৰ বিস্ফোৰণ ঘটাই পাহাৰৰ পৰা শিল-ৰঙামাটি আহৰণ কৰি ৰমৰমীয়া  কলা ব্যৱসায় চলাই আছে এচামে । বেজেৰা-উত্তৰ গুৱাহাটী গড়কাপ্তানি পথৰ গাঁতে লাগি থকা বন্যপ্ৰাণীৰ আৱাসভূমি মান্দাকাটা সাতগাঁৱৰ সেউজ পাহাৰলানিৰপৰা জনৈক কুলদীপ, বিপুল আৰু হাইদৰ নামৰ লোক কেইজনমানৰ নেতৃত্বত অবৈধভাৱে দৈনিক কেইবাশ ট্ৰাক ৰঙামাটি সৰবৰাহ হৈ আছে বুলি আহিছে ভিন্ন অভিযোগ ৷ 



একেদৰে মান্দাকাটা কুমনগৰৰ সেউজ পাহাৰলানিটো দৈনিক হাতোৰা পৰিছে অবৈধ শিল-ৰঙামাটি ব্যৱসায়িৰ ৷ ইয়াৰ উপৰিও দীৰ্ঘেশ্বৰী বিটতে গঢ়ি উঠিছে কেইবাটাও অবৈধ শিলকুৱৰী। ইয়াৰ পিছতো অঞ্চলটোত এনেদৰে কৰা অবৈধ খনন কাৰ্য আৰু অবৈধ শিলকুৱৰীৰ সম্পৰ্কত সাংঘাটিকভাবে ৰহস্যজনক মৌনতা অৱলম্বন কৰিছে দীৰ্ঘেশ্বৰী বিটৰ বিট অফিচাৰ চহিদুলে ৷ যাৰবাবে বিট অফিচাৰ চহিদুলক মোটা অংকৰে মেনেজ কৰি তেওঁৰ ছত্ৰছায়াতে নিৰ্ভীকভাবে বনমাফিয়াই অবাধ বনধ্বংস যজ্ঞ আৰু অবৈধ শিলকুৱৰী চলাই গৈছে বুলি একাংশই গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। ইয়াক লৈ কোনোৱে বন বিভাগক অভিযোগ দাখিল কৰিলে বনকৰ্মী সকলে চালান থকা বুলি অৱগত কৰে যদিও স্থানীয় ৰাইজৰ অৱগত কৰামতে এখন চালানেৰে দহ-বাৰ ডাম্পাৰকৈ ৰঙামাটি-শিল সৰবৰাহ কৰা হৈ আছে বুলি অভিযোগ তুলিছে ৷ আনকি উত্তৰ কামৰূপ বন বিভাগে সমগ্ৰ বিষয়টো জ্ঞাত যদিও বন মাফিয়াৰ সৈতে থকা গোপন মিতিৰালিৰ বাবে তেওঁলোকে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে অভিযোগকাৰী সকলৰ সন্মুখত বন ধংসকাৰী সকলৰ হৈ ওকালতিহে কৰে বুলি অভিযোগ তোলে একাংশ ৰাইজে ৷ ইয়াৰ উপৰিও ব্ৰহ্মপুত্ৰ নদীৰ বালিমাটি খনন কামৰূপ প্ৰশাসনৰ একাংশ অসাধু বিষয়াৰ লগতে বিট অফিচাৰ আৰু উত্তৰ কামৰূপ বন সংমণ্ডলৰ একাংশ বিষয়াৰ সৈতে গোপন বুজাবুজি কৰি বৃহৎ ৰাজহ ফাকিৰে বালি মাফিয়াই ৰমৰমীয়া ব্যৱসায় চলাই নিছে বুলি অঞ্চলটোৰ সচেতন ৰাইজে অভিযোগ উত্থাপন কৰিছে। যাৰবাবে তাত চলি থকা অবৈধ সাদনৰ পৰা বৃহৎ দুৰ্নীতিৰে বালিমাটিৰ খনন ও পৰিবহন চলি থকা বিষয় সম্পৰ্কে জ্ঞাত হৈয়ো কোনো ব্যৱস্থা গ্ৰহণ নকৰে দীৰ্ঘেশ্বৰী বিটৰ দায়িত্বত থকা বিট অফিচাৰৰ লগতে কামৰূপ প্ৰশাসন আৰু উত্তৰ কামৰূপ বন সংমণ্ডলৰ একাংশ ঘোচখোৰ বিষয়া কৰ্মচাৰীয়ে বুলি উঠিছে গুৰুতৰ অভিযোগ।



 এতিয়া ইমানবোৰ দুৰ্নীতি চলি থকাৰ পৰিপ্ৰেক্ষিতত প্ৰকৃতিপ্ৰেমী ৰাইজে উপৰোক্ত বিষয়ত দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে। ইয়াৰ উপৰিও কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ লগতে নৱনিযুক্ত পিচিচিএফ অমিত সাহাইক উপৰোক্ত বিষয়ত গুৰুত্ব প্ৰদান কৰি ইয়াৰ ওপৰত তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে উত্তৰ কামৰূপ বন সংমণ্ডলত চলি থকা অবৈধ কাৰ্য্যকলাপ ৰোধ কৰিবলৈ আহ্বান জনাইছে অঞ্চলটোৰ সচেতন ৰাইজে।

No comments