Breaking News

ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন নিগমৰ উদ্যোগত শিপিনীসকলৰ বাবে সজাগতা কাৰ্যসূচী সম্পন্ন

 



গোলাঘাট, ১৬ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অন্তৰ্গত ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন নিগমৰ উদ্যোগত আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ হস্ততাঁত উন্নয়ন আয়ুক্তৰ সহযোগত গোলাঘাটৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন আলোচনাচক্ৰ অনুষ্ঠিত হয় । গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভালেসংখ্যক শিপিনীয়ে অংশগ্ৰহণ কৰা আলোচনাচক্ৰখনিত বস্ত্ৰ মন্ত্ৰালয়ে গ্ৰহণ কৰা কেঁচা সামগ্ৰী যোগান আঁচনিখনৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় । অনুষ্ঠানত অংশ লৈ জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন নিগমৰ দ্বাৰা আয়োজন কৰা এনে অনুষ্ঠানৰ শলাগ লয় আৰু শিপিনীসকলক ব্যৱসায় ভিত্তিত তথা প্ৰতিযোগিতাৰ মনোভাৱেৰে এই খণ্ডত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে অসমৰ শিপিনীৰ মাজত প্ৰতিভা আৰু সৃজনীশীলতাৰ অভাৱ নাই । কিন্তু বৰ্তমানৰ পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ সৈতে মিলাই এই খণ্ডটোত আগবাঢ়িবলৈ হ'লে বোৱা কাপোৰৰ মানৰ সৈতে কোনো ধৰণৰ আপোচ কৰিব নালাগিব বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ শিপিনীসকলক হস্ততাঁত আৰু বস্ত্ৰ খণ্ডত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ সহায় ল'বলৈ আহ্বান জনায় । 

ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন নিগমৰ জ্যেষ্ঠ বিষয়া (বাণিজ্যিক) এম ইছলামে আদৰণি ভাষণ দিয়াৰ লগতে বস্ত্ৰ মন্ত্ৰালয়ে গ্ৰহণ কৰা কেঁচা সামগ্ৰী যোগান আঁচনিখনৰ দ্বাৰা শিপিনীসকল কেনেকৈ লাভান্বিত হ'ব পাৰিব এই বিষয়ে বিষদভাৱে ব্যাখ্যা আগবঢ়ায় । তেওঁ কয় যে এই আচঁনিখনৰ অধীনত ৰাজসাহায্যযুক্ত মূল্যত যোগ্য শিপিনীয়ে উন্নত মানৰ সূতা লাভ কৰিব পাৰিব । অনুষ্ঠানত হস্ততাঁত আৰু বস্ত্ৰ বিভাগ, গোলাঘাটৰ অধীক্ষক ফকৰুদ্দিন আহমেদে শিপিনীসকলৰ বাবে চৰকাৰে অনলাইন ব্যৱস্থাৰে সামগ্ৰী বিক্ৰী কৰিব পৰাকৈ গ্ৰহণ কৰা এখন নতুন আঁচনিৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰে । আজিৰ আলোচনাচক্ৰত এল ডি এম সজীৱ কুমাৰ বৰা, জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী, কেন্দ্ৰীয় চৰকাৰৰ শিপিনী সেৱা কেন্দ্ৰৰ কাৰিকৰী সঞ্চালক জয়ন্ত ঠাকুৰীয়া, গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান, গোলাঘাটৰ সঞ্চালক চিন্ময় গোহাঁই আৰু ৰেচম বিভাগৰ সহকাৰী প্ৰৱন্ধক পুতুল শৰ্মায়ো ভাষণ দিয়ে । অনুষ্ঠানটোৰ আঁত ধৰে কিৰণ বৰুৱাই । অনুষ্ঠানৰ অংশৰূপে শিপিনীসকলৰ সৈতে এটা মত-বিনিময় কাৰ্যসূচীও গ্ৰহণ কৰা হয় । ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন নিগমৰ জ্যেষ্ঠ বিষয়া (বাণিজ্যিক) এম ইছলামে শিপিনীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে

No comments