Breaking News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ক মূদ্ৰণৰ দায়িত্ব অৰ্পণ প্ৰকাশ পালে মৰাণ জনগোষ্ঠীৰ সম্পূৰ্ণ বুৰঞ্জীৰ 'আধাৰ কপি'

 



ৰবীন মৰাণ, পেঙেৰীঃ বহু জল্পনা কল্পনাৰ অন্তত অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ জাতীয় বুৰঞ্জীখনৰ আধাৰ সংখ্যাটো আজি পুনৰীক্ষণৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষক চমজাই দিয়া হয়। উল্লেখ্য যে ইতিপূৰ্বে অসম মৰাণ সভা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাজত মৰাণ জনগোষ্ঠীৰ বুৰঞ্জীখন বিশ্ববিদ্যালয় কৰ্তৃপক্ষক প্ৰকাশকৰ দায়িত্ব দি এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল। উক্ত সন্দৰ্ভত আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি সভাকক্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ, বুৰঞ্জী সম্পাদনা সমিতি, আৰু কাৰ্যনিৰ্বাহক সমিতিৰ অন্তিমখন যুটীয়া বৈঠক অনুষ্ঠিত হৈ যায়। অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক লীলা কান্ত নাথ, পঞ্জীয়ক অধ্যাপক জীতেন হাজৰিকা আৰু সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণে। সভাৰ আঁ‌ত ধৰি উদ্দেশ্য ব্যাখ্যা কৰে মৰাণ জনগোষ্ঠীৰ বুৰঞ্জীৰ সম্পাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক (চ্যুকাফা আসন) ড° নিৰোদ বৰুৱাই। সভাত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰফেচাৰ লীলা কান্ত নাথ, পঞ্জীয়ক প্ৰফেচাৰ জীতেন হাজৰিকা, বুৰঞ্জী বিভাগৰ ড° চন্দন কুমাৰ শৰ্মা, ছাত্ৰ নেতা নৱ মৰাণ আৰু অসম মৰাণ সভাৰ উপদেষ্টা তথা ডুমডুমাৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণে চমু বক্তব্য ৰাখে। ভাষণ প্ৰসঙ্গত উপাচাৰ্য লীলাকান্ত নাথে কয় যে বুৰঞ্জীৰ বাহিৰেও মৰাণ জনগোষ্ঠীৰ অন্য কাম বিশ্ববিদ্যালয়ে হাতত লব পাৰে, যি কামৰ জৰিয়তে জনগোষ্ঠীটোৰ উন্নয়ন আৰু স্মৃতি সুৰক্ষা হ'ব। একেদৰে ড° চন্দন কুমাৰ শৰ্মাই বুৰঞ্জীবিদ গেইটছৰ বুৰঞ্জী লিখাৰ ধৰণৰ উদ্ধৃতি দি কয় যে সময়ে সময়ে উতিহাস লিখাৰ ধৰণ সলনি হয়। হয়তো আজিৰ পৰা ৩০-৪০ বছৰৰ পাছত ইতিহাস লিখাৰ এই ধৰণো সলনি হ'ব পাৰে। সভাত ড° নিৰোদ বৰুৱাৰ সম্পাদনাত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশ পাব লগা প্ৰায় ১০৪০ পৃষ্ঠাৰ মৰাণ জনগোষ্ঠীৰ বুৰঞ্জীখনৰ 'আধাৰ সংখ্যা'টো পুনৰীক্ষণৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে চমজাই দিয়ে। সম্পাদক ড° নিৰোদ বৰুৱাক আহ্বায়ক হিচাপে লৈ গঠিত পুনৰীক্ষণ সমিতিখনৰ অধ্যক্ষা হিচাপে আছে বুৰঞ্জী বিভাগৰ ড° জাহ্নৱী গগৈ নাথ, সদস্য হিচাপে আছে ড° বিশ্বজিৎ বৰুৱা আৰু ড° চন্দন কুমাৰ শৰ্মা। সম্পাদক ড° বৰুৱাই জনোৱা মতে প্ৰথম অৱস্থাত বুৰঞ্জীখন পৰীক্ষামূলক ভাৱে মাত্ৰ ১ হাজাৰ কপি প্ৰকাশ কৰিব। জানিবলৈ দিয়া মতে বুৰঞ্জীখনৰ ইংৰাজী সংস্কৰণৰ বাবেও প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ৩২ পৃষ্ঠাৰ ৰঙীন আলোক চিত্ৰসহ ১ হাজাৰ ৪০ পৃষ্ঠাৰ বুৰঞ্জীখনৰ মূল্য ধাৰ্য কৰা হৈছে ১ হাজাৰ টকা। এই মূল্যৰ বুৰঞ্জীখন ৪০ % ৰেহাই হাৰত বিক্ৰীৰ বাবে বিপণিসমূহক এৰি দিব। অৱশ্যে পাছলৈ ৰেহাইৰ পৰিমাণ ৩০ % লৈ হ্ৰাস কৰা হ'ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয়

No comments