Breaking News

সাংবাদিক পৰিষদ অসমৰ গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত সম্বৰ্ধনা সভা



ডিজিটেল সংবাদ, গুৱাহাটীঃ  সাংবাদিক পৰিষদ অসমৰ গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত বিগত ১২ ফেব্ৰুৱাৰীত মহানগৰীৰ চান্দমাৰিস্থিত পেঞ্চনাৰ ভৱনত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায় । পৰিষদৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি ঈশ্বৰ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে ভাৰত ৰত্ন লতা মংগেস্কাৰ , বিশিষ্ট শিল্পী অপূৰ্ব বেজবৰুৱাৰ লগতে দেশ আৰু জাতিৰ সেৱাত জীৱন উছৰ্গা কৰা শ্বহীদ সাংবাদিক সকলৰ পবিত্ৰ সোঁৱৰণত বন্তি প্ৰজ্বলন কৰি তেওঁলোকৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় ভগৱানৰ ওচৰত মৌন প্ৰাৰ্থনা কৰা হয় । 

ইয়াৰ পিছতে অনুষ্ঠিত সম্বৰ্ধনা সভাত আদৰণি ভাষণ দিয়ে পৰিষদৰ সভাপতি চন্দ্ৰ বৰুৱাই। অনুষ্ঠানত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰি সমাজৰ আঁৰত থাকি সমাজৰ হকে কাম কৰা এনে ব্যক্তি সকলক বিচাৰি স্বীকৃতি দিয়াৰ বাবে সাংবাদিক পৰিষদৰ শলাগ লয় বিশিষ্ট সাংবাদিক,বুদ্ধিজীবি ধীৰেন্দ্ৰ  নাথ চক্ৰৱৰ্তীয়ে । বিশিষ্ট অতিথি হিচাপে ভাগ লৈ  জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে জাতি গঠন আৰু নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত সাংবাদিকৰ ভূমিকা অপৰিসীম বুলি মন্তব্য কৰে । অনুষ্ঠানত কৃষ্ণ কান্ত সন্দিকৈ মুক্ত বিশ্ব বিদ্যালয়ৰ  ড০ দিব্যজ্যোতি মহন্ত , বিশিষ্ট সাংবাদিক,বুদ্ধিজীৱী হাইদৰ হুছেইন ,উদ্দীপন ফাউণ্ডেচনৰ মুখ্য উপদেষ্টা ৰাজীৱ দাস,এ টি পি ও ৰ উপাধ্যক্ষ মধুৰাম ডেকা,সাংবাদিক পৰিষদৰ অসম, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া চন্দ্ৰ কুমাৰ শইকীয়াকে ধৰি কেইবাজনো ব্যক্তিয়ে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে । অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক সুনীল বৰা , সাহিত্যিক মিনাক্ষী বেজবৰুৱা,মনীষা শৰ্মা,ৰুণা লাইলা, সংগীত শিল্পী কল্যাণী ঠাকুৰীয়া,সমাজকর্মী নিজৰা কুমাৰ ,হৰগোবিন্দ ৰাজবংশী,উদীয়মান লেখিকা মাণ্টাছা জাহাংগীৰ , সমাজকর্মী হিতেশ গোস্বামী , নেমকেয়াৰ হাস্পতালৰ মেট্ৰন নমিতা গগৈ আৰু সমাজকর্মী এছ কে চান মহম্মদকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনাত স্মাৰক,গামোচা,জাপি আৰু কিতাপৰ টোপোলা প্ৰদান কৰা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি মহানগৰীৰ একাংশ স্কুলীয়া শিক্ষাৰ্থীৰ মাজত শিক্ষণ সামগ্ৰী প্ৰদান কৰা হয় । অনুষ্ঠানত পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সম্পাদক মনোজ ডেকা , উপ-সভাপতি গোকুল তালুকদাৰ,প্ৰণৱ পাটোৱাৰীসহ সম্পাদক ধীৰাজ ডেকা আৰু আলোচনী সম্পাদক দর্শনা বৰুৱাকে ধৰি অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে ।

No comments