Breaking News

গোলাঘাট মহকুমাৰ গোলাঘাট আৰু দেৰগাঁও পৌৰসভাৰ অধীনৰ ২৩টা ৱাৰ্ডৰ বাবে মুঠ ৮৮ খন মনোনয়ন পত্ৰ সংগ্ৰহ



ডিজিটেল সংবাদ, গোলাঘাটঃ  অহা ৬ মাৰ্চত হ'বলগীয়া পৌৰসভা নিৰ্বাচনৰ বাবে গোলাঘাট মহকুমাৰ গোলাঘাট আৰু দেৰগাঁও পৌৰসভাৰ অধীনৰ ২৩টা ৱাৰ্ডৰ বাবে কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন । আজিৰ দিনটোলৈকে দুয়োখন পৌৰসভাত বিভিন্ন দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে মুঠ ৮৮ খন মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে । ইয়াৰে গোলাঘাট পৌৰসভাত বিভিন্ন দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ৪২ খন আৰু দেৰগাঁও পৌৰসভাত ৪৬ খন মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে ।


অহা ১৭ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব । মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন অহা ২০ ফেব্ৰুৱাৰী । ৬ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহন কৰা হ'ব আৰু ৯ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ'ব । 


ভোটগ্ৰহন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে প্ৰয়োজনীয় সকলো প্ৰস্তুতি গ্ৰহণ কৰিছে । গোলাঘাট মহকুমাৰ দুয়োখন পৌৰসভাৰ বাবে মুঠ ৬১ টা ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে গোলাঘাট পৌৰসভাত ৩৯টা আৰু দেৰগাঁও পৌৰসভাত ২২টা ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হৈছে । গোলাঘাট পৌৰসভাত ছটা ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষিত । ৱাৰ্ডকেইটা হৈছে ১, ২, ৩, ৫, ১২ আৰু ১৩ নং ৱাৰ্ড । আনহাতে দেৰগাঁও পৌৰসভাৰ ৩, ৫, ৬, ৭ আৰু ৯ নং ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষিত আৰু ৮ নং ৱাৰ্ডটো অনুসূচীত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত । 


গোলাঘাট মহকুমাৰ দুয়োখন পৌৰসভাত মুঠ ভোটদাতাৰ সংখ্যা ৫১,৭৩৮ জন । ইয়াৰে ২৫,৮৫৪ জন পুৰুষ আৰু ২৫,৮৮৪গৰাকী মহিলা ভোটদাতা । 


গোলাঘাট পৌৰসভাত মুঠ ভোটদাতাৰ সংখ্যা ৩২,৬৫৫জন । ইয়াৰে ১৬,১৩৮ জন পুৰুষ আৰু ১৬,৫১৭ গৰাকী মহিলা । আনহাতে দেৰগাঁও পৌৰসভাত মুঠ ভোটদাতাৰ সংখ্যা ১৯০৮৩ জন । ইয়াৰে ৯৭১৬ জন পুৰুষ আৰু ৯৩৬৭ গৰাকী মহিলা ।


উল্লেখযোগ্য যে এইবাৰ পৌৰসভাৰ নিৰ্বাচনত বেলট কাকতৰ পৰিৱর্তে ই ভি এমযোগে ভোটগ্ৰহণ কৰা হ'ব । যোৱা ৯ ফেব্ৰুৱাৰীত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যখনৰ ৮০ খন পৌৰসভাৰ বাবে নিৰ্বাচনী অধিসূচনা জাৰি কৰে । সেই অনুসৰি গোলাঘাট জিলাৰ গোলাঘাট মহকুমাৰ দুখন পৌৰসভাৰ লগতে ধনশিৰি মহকুমাৰ বৰপথাৰ আৰু সৰুপথাৰ পৌৰসভা আৰু বোকাখাত মহকুমাৰ বোকাখাত পৌৰসভাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব । 

No comments