Breaking News

শিক্ষাবিদ, সমাজকৰ্মী অপূৰ্ব কুমাৰ বৰগোঁহাইৰ মৃত্যু বাৰ্ষিকী পালন


গোলাঘাট,  ১৪ ফেব্ৰুৱাৰী : গোলাঘাটৰ এজন বিশিষ্ট শিক্ষাবিদ,  সমাজকৰ্মী,  শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ সঞ্চালক অপূৰ্ব কুমাৰ বৰগোঁহাইৰ তৃতীয় মৃত্যুবাৰ্ষিকী আজি পালন কৰা হয় । শ্ৰী সত্য সাই সেৱা সমিতি আৰু সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ যুটীয়া উদ্যোগত আজি প্ৰয়াত বৰগোঁহাইৰ মৃত্যু বাৰ্ষিকী পালন কৰা হয়। 



এই উপলক্ষে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় য'ত সত্য সাই সেৱা সমিতিৰ সদস্য,  সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীয়ে অপূৰ্ব কুমাৰ বৰগোঁহাইৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।  ইয়াৰ পিছতে ভজন অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীত বিপুল ৰাজকুমাৰ,  বিদ্যা বিহাৰ বিদ্যালয়ৰ অধ্যক্ষ শুভাশীষ ৰাজখোৱা,  উপাধ্যক্ষ সুব্ৰত কৰ আদিৰ লগতে আন কেইবাজনো লোক উপস্থিত থাকে।

No comments