Breaking News

সোণাৰি আৰু মৰাণ পৌৰসভাৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা

 


ডিজিটেল সংবাদ, সোণাৰিঃ চৰাইদেউ জিলাৰ অন্তৰ্গত সোণাৰি আৰু মৰাণ পৌৰসভাৰ নিৰ্বাচনৰ বাবে প্ৰধান বিৰোধী দল ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে । আজি  সোণাৰি নগৰস্হিত চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয়ত জিলা কংগ্ৰেছৰ সভাপতি পৱিত্ৰ শইকীয়াই এক সংবাদ মেল যোগে ঘোষণা কৰে ৷ প্ৰাৰ্থীৰ তালিকা অনুসৰি সোণাৰি পৌৰসভাৰ ১৬ টা ৱাৰ্ডত ক্ৰমে 

১ নং ৱাৰ্ডত কিশোৰ ঘোষ,  ২নং ৱাৰ্ডত দিগন্ত বৰগোহাঁই,৩ নং ৱাৰ্ডত, নিপা ভৌমিক ৪ নং ৱাৰ্ডত অলক পাল , ৫ নং ৱাৰ্ডত  ,জেছমিন বেগম ৬ নং ৱাৰ্ডত প্ৰণৱ তাতিঁ  ,৭ নং ৱাৰ্ডত প্ৰতিভা শৰ্মা বৰঠাকুৰ, ৮ নং ৱাৰ্ডত পিংকি ৰাও, ৯ নং ৱাৰ্ডত অঞ্জনা তন্তবাই , ১০ নং ৱাৰ্ডত ৰিজুমণি দিহিঙীয়া , ১১ নং ৱাৰ্ডত ৰুণু সন্দিকৈ ,১২ নং ৱাৰ্ডত নবীন চাংমাই, ১৩ নং ৱাৰ্ডত পূৰ্ণিমা গোৱালা ,১৪ নং ৱাৰ্ডত ববিতা দত্ত, ১৫ নং ৱাৰ্ডত মল্লিকা বনিক দাস, আৰু ১৬ নং ৱাৰ্ডত ডিম্বেশ্বৰী তন্তবাই। একেদৰে মৰাণ পৌৰসভাৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ ৰ মৰাণ পৌৰসভাৰ এলেকাৰ  মুঠ ১১ টা ৱাৰ্ডৰ প্ৰাৰ্থী ক্ৰমে ১ নং ৱাৰ্ডত জয়ন্তী ফুকন, ২ নং ৱাৰ্ডত প্ৰিয়ংকা বিশ্বাস ধৰ , ৩ নং ৱাৰ্ডত আশা চাহু, , ৫ নং ৱাৰ্ডত পৰিস্মিতা ৰাজখোৱা, ৬ নং ৱাৰ্ডত বিজুলী দাস, ৭ নং ৱাৰ্ডত জুলী চুতীয়া, ৮ নং ৱাৰ্ডত ৰাস্না ফুকন, ৯ নং ৱাৰ্ডত ৰুমী গোহাঁই,   ১১ নং ৱাৰ্ডত চালিমা খাটুন ৪ আৰু ১০ নং ৱাৰ্ডত বুজাবুজিৰ মাধ্যমৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰা হ । আজি অনুষ্ঠিত এই সংবাদ মেলত  জিলা কংগ্ৰেছ কমিটিৰ সভাপতি পৱিত্ৰ শইকীয়া ,প্ৰশাসনিক সাধাৰণ সম্পাদক উৎপল গগৈ ,জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুণু সন্দিকৈ ,জিলা মুখপাত্ৰ প্ৰদীপ চেতিয়া ফুকন ,মজদুৰ কংগ্ৰেছ বিভাগৰ সভাপতি সুৱল নায়ক উপস্থিত থাকে ৷

No comments