Breaking News

অষ্টাদশ ৰীণা ভূঞা স্মাৰক বক্তৃতা সম্পন্ন



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ হেমপ্ৰভা মহাবিদ্যালয়ত ৰীণা ভূঞা সমাজ বিজ্ঞান কেন্দ্র আৰু মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ যৌথ উদ্যোগত অষ্টাদশ ৰীনা ভূঞা স্মাৰক বক্তৃতানুষ্ঠান শুক্ৰবাৰে ( ১১ ফেব্রুৱাৰী) অনুষ্ঠিত হৈ যায় । বক্তৃতানুষ্ঠানটোৰ মুখ্য বক্তা হিচাপে উপস্থিত থাকি অসমৰ প্ৰত্নতত্ব অঞ্চালকালয়ৰ প্ৰাক্তন অঞ্চালক আৰু বৰ্তমান নাগালেণ্ডৰ গ্ল'বেল অপেন ইউনিভাৰ্ছিটিৰ উপাচার্য ড০ হৰেন্দ্ৰ নাথ দত্তই 'অসমীয়া সুৰক্ষা আৰু অসমীয়া ভাষা' শীর্ষক চিন্তা উদ্দীপক বক্তব্য প্রদান কৰে। বিশিষ্ট প্ৰত্নতাত্বিক গৰাকীয়ে অসমৰ প্ৰাচীন শিলালিপি সমূহতেই অসমীয়া ভষাই কিদৰে সংস্কৃত ভাষাৰ পৰিমণ্ডলৰ মাজতে নিজস্ব ৰূপত উদ্ভাসিত হৈছিল সেই বিষয়ে তথ্যসমৃদ্ধ ভাবে পৰ্যালোচনা আগবঢ়ায়। তেখেতে লগতে ভাষাই নিৰ্মাণ কৰা জাতীয়তাবোধ, জাতীয় ৰক্ষাকবচৰূপে অসমীয়া ভাষাৰ অধিক সমৃদ্ধ আৰু সম্প্ৰসাৰিত ৰূপ দিব পৰাৰ সম্ভাবনাপূৰ্ন বিভিন্ন ক্ষেত্র, আধুনিক প্ৰযুক্তিয়ে অসমীয়াৰ দৰে ভাষাসমূহলৈ কঢ়িয়াই অনা প্ৰত্যাহ্বান আৰু এই ক্ষেত্রত বিদ্যায়তনিক আৰু সামাজিক অনুষ্ঠান সমূহে পালন কৰিব লগা দায়িত্ব আদি বহু গুৰুত্বপূর্ণ দিশৰ পৰ্যালোচনা কৰে। গোলাঘাট জিলাৰ যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি আৰু মহাবিদ্যালয়খনৰ শিক্ষক-ছাএী উপস্থিত থকা এই গাম্ভীর্য পূৰ্ণ অনুষ্ঠানটোৰ সভাপতিত্ব কৰে গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পূন্যেশ্বৰ পূজাৰীয়ে। মহাবিদ্যালয়খনৰ অধক্ষ ড০ দিপা ফুকন বৰুৱাই আয়োজক অনুষ্ঠানৰ হৈ আদৰণি ভাষন প্ৰদান কৰে। 



ভাষাত ড০ বৰুৱাই মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপিকা প্ৰয়াত ৰীনা ভূঞাই মহাবিদ্যালয়খনৰ বিদ্যায়তনিক, সাহিত্যিক আৰু সাংস্কৃতিক ক্ষেত্রখনলৈ  আগবঢ়াই যোৱা বিশিষ্ট অৱদান শ্ৰদ্ধাসহ উল্লেখ কৰে। গোলাঘাটৰ এগৰাকী জনপ্ৰিয় চিকিৎসক, সাহিত্যিক ডাঃ কুমুদ দত্তইও অনুষ্ঠানটোত উপস্থিত থাকি অসমৰ সাহিত্যিক, সমাজিক আৰু সাংস্কৃতিক ক্ষেত্রলৈ ৰীনা ভূঞাই আগবঢ়াই যোৱা বলিষ্ঠ অবদান সম্পর্কে আলোকপাত কৰে। উক্ত বক্তৃতানুষ্ঠানত বিগত বৰ্ষত অসমীয়া গুৰু বিষয়া মহাবিদ্যালয়খনৰ ভিতৰত সৰ্বোচ্চ আৰু দ্বিতীয় সর্বোচ্চ নম্বৰসহ স্নাতক পৰীক্ষাত উত্তীর্ণ হোৱা দুগৰাকী ছাত্রী ক্ৰমে "ঝৰ্না গগৈ আৰু পলিজ্যোতি  দত্ত"ক ‘ৰীণা ভূঞা সোঁৱৰণী বঁটা-২০২২’ প্ৰদান কৰা হয়। উক্ত বঁটাত ছাত্ৰী দুগৰাকীক মানপত্ৰ, কিতাপৰ টোপোলাৰ পগতে ক্ৰমে ৬ হাজাৰ আৰু ৪ হাজাৰ টকাকৈ আগবঢ়োৱা হয়। ৰীনা ভূঞা সমাজ বিজ্ঞান কেন্দ্রৰ সভাপতি বিশিষ্ট সাহিত্যিক হীৰেন গগৈয়ে শলাগৰ শৰাই আগবঢ়োৱা উক্ত বক্তৃতানুষ্ঠানটোৰ আঁত ধৰে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মূৰব্বী সুনীল সন্দিকৈয়ে।

No comments