Breaking News

গোলাঘাট আইন মহাবিদ্যালয়ত গোলাঘাট আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত "Protection Of Children from Sexual Offences,2012 (POCSO ACT 2012" বিষয়ক এখনি আলোচনা চক্ৰ



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট আইন মহাবিদ্যালয়ৰ প্ৰাংগণত বুধবাৰে গোলাঘাট আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত "Protection Of Children from Sexual Offences,2012  (POCSO ACT 2012" বিষয়ত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়।



শিশুৰ যৌন শোষণৰ বিৰুদ্ধে তথা শিশুক সুৰক্ষা দিয়াৰ স্বাৰ্থতেই উক্ত আলোচনা চক্ৰখনি অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে শিশুৰ যৌন শোষণৰ বিৰুদ্ধে তথা শিশুক সুৰক্ষা দিয়াৰ স্বাৰ্থ আগত ৰাখি সমাজ খনি আগবঢ়াই নিয়াৰ স্বাৰ্থত এই আইন খনে সমাজৰ সুস্থিৰতা বৰ্তাই ৰাখি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।



আলোচনা চক্ৰখনিত গোলাঘাট সত্ৰ আৰু জিলা ন্যায়াধীশ শ্ৰদ্ধাৰ বিনোদ চন্দক ,অতিৰিক্ত সত্ৰ ন্যায়াধীশ লগতে POCSO বিশেষ ন্যায়াধীশ মামুদ হুছেইন বৰভূঞা, গোলাঘাট শিশু কল্যাণ সমিতিৰ সভানেত্ৰী তথা ফৰকাটিং কলেজৰ প্ৰাক্তন উপাধ্যক্ষ ড০ লুকুমণি গোস্বামী , গোলাঘাট আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূমিকা গোস্বামী, অধিবক্তাদ্বয় প্ৰদ্যুৎ মাধৱ দত্ত, মল্লিকা বৰুৱা উপস্থিত থাকে।


No comments