Breaking News

২০২১-২২ বৰ্ষৰ আইন চূড়ান্ত পৰীক্ষাত গীতালি ভূঞা ফুকনৰ প্ৰথম শ্ৰেণীৰ প্ৰথমস্থান দখল



ডিজিটেল ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ২০২১-২২বৰ্ষৰ আইন চূড়ান্ত পৰীক্ষাৰ ফলাফলত গোলাঘাট আইন মহাবিদ্যালয়ৰ ছাত্ৰী গীতালি ভূঞাঁ ফুকনে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। গীতালি ভূঞাঁ ফুকন নুমলীগড় তেল শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰ ফুকনৰ পত্নী। আইন মহাবিদ্যালয়খনৰ পৰা মুঠ ১৪জন ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈ মহাবিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে। মহাবিদ্যালয়খনৰ এনে সাফল্যত  মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ , অধ্যক্ষা , শিক্ষকবৃন্দ তথা কৰ্মচাৰীসকলে সন্তোষ প্ৰকাশ কৰিছে

No comments