Breaking News

৫০টা সোণালী সপ্তাহ পূৰ্ণ কৰিলে গোলাঘাটৰ অগ্ৰণী সমাজসেৱী সংস্থা দৈয়াং ট্ৰাষ্টে



ডিজিটেল সংবাদ,গোলাঘাটঃপাৰিপাৰ্শ্বিক সুস্থিৰতাৰ দিশত এক নিৰৱ কিন্তু অভূতপূৰ্ব সেৱা আগবঢ়াই অহা গোলাঘাটৰ অগ্ৰণী সমাজসেৱী সংস্থা দৈয়াং ট্ৰাষ্টে নিৰৱিচ্ছিন্নভাৱে চলাই অহা গছপুলি ৰোপণ কাৰ্যসূচীয়ে আজি ৫০টা সোণালী সপ্তাহ পূৰ্ণ কৰিলে৷ এই গৌৰৱময় ক্ষণক স্মৰণীয় কৰি আজি পুৱা ৯:০০ বজাত গোলাঘাট  জাতীয় মহাবিদ্যালয়ত আৰু মইনাপাৰা তুলেশ্বৰী বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত  গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়।



অনুষ্ঠানত গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, গোলাঘাটৰ জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাৰ্গলাৰী, বন সংমণ্ডল প্ৰাধিকাৰী সুশীল কুমাৰ ঠাকুৰীয়া, দৈয়াং ট্ৰাষ্টৰ ৰঞ্জিত বৰা তথা অন্যান্য বিষয়-ববীয়া আৰু শুভাকাংক্ষীসকল উপস্থিত থাকে।


No comments