Breaking News

উত্তৰ গুৱাহাটী আৰু পলাশবাৰী পৌৰসভা মিত্ৰজোঁটৰ দখললৈ

 


কামৰূপ, আমিনগাঁও : আজি সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপৰ উত্তৰ গুৱাহাটী আৰু পলাশবাৰী পৌৰসভাৰ নিৰ্বাচনৰ ফলাফলো ঘোষণা কৰা হয়৷

উত্তৰ গুৱাহাটীৰ ৭ টা ৱাৰ্ডত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ প্ৰাৰ্থীকেইগৰাকী বিজয়ী হৈছে৷ 

আজি পুৱা ৮ বজাৰ পৰা সম্পূৰ্ণ নিৰাপত্তা  ব্যৱস্থাৰ মাজত উত্তৰ গুৱাহাটীৰ ৩ টা আৰু পলাশবাৰীৰ আটাইকেইটা ৱাৰ্ডৰ ভোট গণনা আৰম্ভ কৰা হয়৷ গণনাৰ অন্তত আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰাৰ লগতে বিজয়ী প্ৰাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷ উত্তৰ গুৱাহাটীৰ তিনিওটা ৱাৰ্ডতে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় আৰু এনেদৰে উত্তৰ গুৱাহাটীৰ দহোটা ৱাৰ্ডতে বিজেপিয়ে জয়লাভ কৰে৷ 

আনহাতে পলাশবাৰী পৌৰসভাৰ ৭ টা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে অসম জাতীয় পৰিষদ (এজেপি)এ ২ টা ৱাৰ্ডত আৰু অসম গণ পৰিষদ (অগপ)এ ৰ টা ৱাৰ্ডত জয়লাভ কৰে৷ দুয়োখন পৌৰসভাৰ বিজয়ী প্ৰাৰ্থীৰ তালিকাখন তলত দিয়া ধৰণৰ–

উত্তৰ গুৱাহাটী পৌৰসভা

ঝুমা চাকমা, বিজেপি, ১ নং  ৱাৰ্ড

বনমালী হাজৰিকা, বিজেপি, ২ নং ৱাৰ্ড

নমিতা কাকতি, বিজেপি, ৩ নং ৱাৰ্ড

তিলক দাস, বিজেপি, ৪  নং ৱাৰ্ড

বিকাশ বড়ো, বিজেপি, ৫ নং ৱাৰ্ড

গণেশ বৰুৱা, বিজেপি, ৬ নং ৱাৰ্ড

অমিয়া দাস, বিজেপি, ৭ নং ৱাৰ্ড

মানবী বৰুৱা, বিজেপি, ৮ নং ৱাৰ্ড

অনামিকা ডেকা, বিজেপি, ৯ নং ৱাৰ্ড

গিৰিশ¸ মেধি, বিজেপি, ১০ নং ৱাৰ্ড

পলাশবাৰী পৌৰসভা

উপমা দাস, অগপ, ১ নং ৱাৰ্ড

বুবু দাস, বিজেপি ২ নং ৱাৰ্ড

ঋণা দাস কলিতা, বিজেপি, ৩ নং ৱাৰ্ড

নৱজীত দাস, বিজেপি, ৪ নং ৱাৰ্ড

সুধন্ন চন্দ্ৰ কলিতা, এজেপি, ৫ নং ৱাৰ্ড

কৰবী কলিতা, বিজেপি, ৬ নং ৱাৰ্ড

হিমাংশু কলিতা, বিজেপি, ৭ নং ৱাৰ্ড

মিনু দেৱী কলিতা, বিজেপি, ৮ নং ৱাৰ্ড

ভাস্কৰ কুমাৰ, বিজেপি, ৯ নং ৱাৰ্ড

অৰূপ দাস, এজেপি, ১০ নং ৱাৰ্ড

No comments